অসমৰ স্বাৰ্থত গঢ়ি উঠা ৰাজপথৰ সংগ্ৰামখনক সংসদৰ মজিয়ালৈ নিয়াৰ প্ৰতিশ্ৰুতি কনক গগৈৰ

IMG-20190329-WA0002

শিৱসাগৰত বৃহস্পতিবাৰে যোৰহাট লোকসভা সমষ্টিৰ চিপিআইৰ প্ৰাৰ্থী কনক গগৈৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

যোৰহাট লোকসভা সমষ্টিৰ চিপিআইৰ প্ৰাৰ্থী কনক গগৈয়ে বৃহস্পতিবাৰে শিৱসাগৰত এক সংবাদ মেল আয়োজন কৰি কংগ্ৰেছ, বিজেপি আৰু অগপ দলক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয় যে ১৯৯৯ চনত কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰা  উদাৰ অৰ্থনৈতিক নীতিক বৰ্তমানৰ বিজেপি চৰকাৰে বিৰোধিতা কৰাৰ পৰিবৰ্তে  কাৰ্যকৰী কৰি দেশৰ সম্পদসমুহ চহকী পুঁজিপতি গোষ্ঠীক গতাই দিছে।

গগৈয়ে লগতে কয়, ‘’বিজেপিৰ নেপথ্যত এতিয়া গোড়া হিন্দুত্ববাদী সংগঠন সমুহৰ সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী কামকাজে আমাৰ সমাজ ব্যৱস্থাক কুলষিত কৰিছে। দেশত এতিয়া যি সকল ব্যক্তিয়ে বিজেপি তথা আৰ এছ এছৰ কামকাজক চোকা সমালোচনা কৰে সেই সকল ব্যক্তি আক্ৰমণৰ সন্মুখীন হয়। যুক্তিবাদী নেতা গোবিনিদ পানচাৰি, এন মালডুভি আৰু সাংবাদিক গৌৰী লংকেশ্ব ইয়াৰ জলন্ত উদাহৰণ।‘’

‘’বিগত সময়ত বিজেপি দলে নাগৰিকত্ব সংশোংধনী বিধেয়ক গৃহীত কৰিবলৈ কৰা ৰাজনীতি,  কিছুদিন পূৰ্বে পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনসংযোগ বিভাগত নিযুক্তিৰ নামত বিজেপি নেতা মন্ত্ৰীয়ে কৰা দূৰ্নীতি আৰু অসমৰ তৈলক্ষেত্ৰ সমুহ বৃহৎ পুঁজিপতিক গতাই দিয়াৰ দৰে অসম বিৰোধী যি কাৰ্যকলাপ সংঘটিত কৰিলে অসমৰ ৰাইজ বিজেপিৰ প্ৰতি সাংঘাটিক ধৰণে অসন্তুষ্ট হৈছে। ইফালে অসমৰ ৰাইজৰ কংগ্ৰেছ দলৰ প্ৰতিও থকা ক্ষোভ কমা নাই,‘’-বাঁওপন্থী নেতাগৰাকীয়ে কয়।

আনহাতে, গগৈয়ে অগপৰ প্ৰসংগতো মন্তব্য কৰি কয় যে এসময়ৰ অসমৰ শক্তিশালী আঞ্চলিকতাবাদী দল অসম গণ পৰিষদ দলৰ কেইগৰাকীমান নেতাই দলৰ নীতি আদৰ্শক জলাঞ্জলি দি অতি নিৰ্লজভাৱে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে। অগপই অসমৰ ৰাইজৰ বিধেয়কৰ বিৰুদ্ধে কৰা প্ৰৱল প্ৰতিবাদৰ বাবে খন্তেক সময়ৰ বাবে মিত্ৰ জোটঁৰ চৰকাৰৰ পৰা ওলাই অহা নাটক কৰিছিল যদিও ক্ষমতাৰ মোহ এৰিব নোৱাৰি পুনৰ বিজেপিৰে মিত্ৰতা কৰি ৰাইজৰ আগত নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে।

উক্ত কাৰণতেই দেশত বাঁও গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ দলৰ সন্মিলিত চৰকাৰৰ প্ৰয়োজন বুলিও মন্তব্য কৰে চিপিআই দলৰ প্ৰাৰ্থী কনক গগৈয়ে। তেওঁ লগতে কয়, এইবাৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ৫৫ খন আসনত চিপিআই দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ  লগতে অসমত দুখন যোৰহাট আৰু লক্ষীমপুৰৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে।

তদুপৰি, কনক গগৈয়ে তেওঁ নিৰ্বাচনত জয়ী হ’লে অসমৰ জনগণৰ স্বাৰ্থত গঢ়ি উঠা ৰাজপথৰ সংগ্ৰামখনক সংসদৰ মজিয়ালৈ নিয়া হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে সংবাদ মেলত। অসম বিৰোধী যিকোনো নীতিৰ বিৰুদ্ধে সাংসদত প্ৰতিবাদ কৰা, সমষ্টিৰ উন্নয়নৰ বাবে লাভ কৰা নিদিষ্ট ধনৰাশি যথা সময়ত সদ্ ব্যৱহাৰ কৰা, ৰাজ্যৰ কৃষক, শ্ৰমিক, যুৱপ্ৰজন্ম, মহিলাকে ধৰি সকলো শ্ৰেণীৰ জনগণৰ স্বাৰ্থত কাম কৰা, যোৰহাট লোকসভা সমষ্টিটোক পৰ্যটনৰ ক্ষেত্ৰত আগোৱাই নিয়া, বান গড়াখহনীয়া, ৰাস্তা ঘাট, সীমা সমস্যা, বিশেষ ৰাজ্যৰ মৰ্য্যদা আৰু জনগোষ্ঠীয় সমস্যাক গুৰুত্ব প্ৰদান কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে।