• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2025 5:59 pm
101
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট ইতিহাসবিদ তথা শিক্ষাবিদ, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বাওঁপন্থী আৰু প্ৰগতিশীল আন্দোলনৰ বৌদ্ধিক নেতৃত্ব প্ৰদান কৰা সক্ৰিয় ৰাজহুৱা কৰ্মী উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু স্বনামধন্য চিন্তাবিদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। পাৰ্টিয়ে তেখেতৰ শোকস্তব্ধ পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে।

আজি তেখেতৰ মৃত্যু সংবাদ পোৱাৰ পাছতে চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক আৰু সাংসদ উদ্ধব বৰ্মন আৰু পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচ্‌ফাকুৰ ৰহমান সতীৰ্থ সকলৰ সৈতে প্ৰয়াত উদয়াদিত্য ভৰালীৰ বাসভৱনলৈ গৈ তেখেতৰ মৃতদেহত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেতৰ শোকবিহ্বল পত্নীক সাক্ষাৎ কৰি পাৰ্টিৰ পক্ষৰ পৰা সহমৰ্মিতা প্ৰকাশ কৰে।

চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে প্ৰকাশ কৰা এটা শোক বিবৃতিত কোৱা হয়, বিশিষ্ট বুদ্ধিজীৱী তথা সমাজবিজ্ঞানী গৰাকীয়ে অসমৰ ৰাজনৈতিক-সামাজিক আৰু সাহিত্য-সংস্কৃতিৰ জগতলৈ বিভিন্ন কাম-কাজ আৰু লেখা-মেলাৰে যথেষ্ট অৱদান এৰি গৈছে।  বাওঁপন্থী আৰু প্ৰগতিশীল চিন্তা ধাৰাৰে সমৃদ্ধ হৈ তেখেতে অসম তথা অসমৰ জনগণৰ সৰ্বাংগীন বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। অসমৰ বৈচিত্ৰ্যপূৰ্ণ সমাজৰ মাৰ্ক্সবাদী বিশ্লেষণ তুলি ধৰাৰ বাবে তেখেতৰ প্ৰচেষ্টা আছিল অনন্য। বিশেষকৈ অসমৰ বাওঁ আন্দোলনৰ ঐক্য আৰু বিকাশৰ বাবে ভৰালীয়ে একাগ্ৰচিত্তে কাম কৰিছিল। বিভিন্ন কাকত-আলোচনীৰ উপৰি সাপ্তাহিক ‘গণশক্তি’ৰ বিশেষ সংখ্যাবোৰতো ভৰালীয়ে নিয়মীয়াকৈ লেখা-মেলা কৰিছিল।বৰ্তমান পৰিস্থিতিত সাম্প্ৰদায়িক, কৰ্পোৰেটপন্থী আৰু স্বৈৰতান্ত্ৰিক শক্তিসমূহৰ বিৰুদ্ধে বাওঁ-গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শক্তিসমূহক ঐক্যবদ্ধ কৰাৰ বাবে তেখেতে নৰিয়া অৱস্থাতো নিৰলস প্ৰচেষ্টা চলাই আছিল। তেখেতৰ বিয়োগত ৰাজ্যৰ বাওঁপন্থী মহল আৰু গণতান্ত্ৰিক-প্ৰগতিশীল শিবিৰটোৰ অপূৰণীয় ক্ষতি হ’ল বুলি পাৰ্টিয়ে বিবৃতিটোত উল্লেখ কৰে।

Recent News

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

এইচ আই ভি: আওকাণ নকৰিব জ্বৰ আৰু মূৰৰ বিষৰ দৰে প্ৰাৰম্ভিক লক্ষণক

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd