• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2025 6:12 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন (এছআৰআই)ৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি)ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি চূড়ান্ত কৰাৰ দাবী জনাইছে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে। বিহাৰত নিৰ্বাচন আয়োগৰ পক্ষপাতমূলক আচৰণৰ ফলত খচৰা তালিকাত ৬৫ লাখ নাগৰিকৰ নাম কৰ্তন হোৱাৰ পটভূমিত চিপিআই(এম)য়ে অভিমত প্ৰকাশ কৰিছে যে অসমতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ নিৰ্দেশত আয়োগে সংখ্যালঘু, দলিত আৰু পশ্চাৎপদ সম্প্ৰদায়ৰ লোকৰ নাম কৰ্তন কৰাৰ অভিযোগ উঠিছে, যাৰ ফলত উচ্চতম ন্যায়ালয়েও হস্তক্ষেপ কৰিছে। চিপিআই(এম)য়ে কয় যে এনআৰচি সম্পূৰ্ণ নকৰাকৈ ভোটাৰ তালিকা সংশোধন কৰিলে ত্ৰুটিমুক্ত তালিকা পোৱা নাযাব।

এই পটভূমিত চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে দৃঢ়মত পোষণ কৰে যে অসমত ভোটাৰ তালিকা পুনৰীক্ষণ তথা সংশোধনৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ হ’ব লাগিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰা। ‘অসম চুক্তি’ৰ আধাৰত আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ তথা নিৰীক্ষণত অসমত ১৯৭১ চনৰ ২৪ মাৰ্চক ভিত্তি তাৰিখ হিচাপে লৈ এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়া২০১৯ চনৰ ৩১ আগষ্টত সম্পূৰ্ণ কৰি চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছিল। কিন্তু কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ৰহস্যজনক কাৰণত নানান বিধি-পথালি দি আজিলৈকে এনআৰচিক নাগৰিকত্বৰ বৈধ দলিল হিচাপে স্বীকৃতি প্ৰদান কৰা নাই। ভাৰতৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে বিগত ছটা বছৰ এনআৰচিৰ তালিকা সূচিত (notify) নকৰা আৰু ‘প্ৰত্যাখান শ্লিপ’ (rejection slip) নিদিয়াৰ ফলত এনআৰচিৰ পৰা বাদ পৰা বহু সংখ্যক ভাৰতীয় নাগৰিকেও আইনী প্ৰক্ৰিয়াৰ জৰিয়তে নাগৰিকত্ব প্ৰমাণৰ সুযোগ পোৱা নাই। আচলতে সকলো ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট এখন নিখুঁত এনআৰচি হ’ব অসমত নাগৰিকত্বৰ প্ৰশ্নটোৰ এক স্থায়ী সমাধান আৰু অবৈধ নাগৰিকক চিনাক্ত তথা বহিষ্কাৰৰ নিৰ্ভৰযোগ্য দলিল। কিন্তু কেন্দ্ৰৰ বিজেপি চৰকাৰে এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ পৰিৱৰ্তে ৰাজ্যখনৰ আৰ্থ-সামাজিক-ৰাজনৈতিক ভৱিষ্যৎ তথা অস্তিত্ব বিপন্ন কৰি সাম্প্ৰদায়িক আৰু সংবিধান-বিৰোধী ‘কা’ আইন প্ৰণয়ন তথা বলৱৎ কৰাৰ ফলত সমস্যা অধিক জটিল হৈ পৰিছে।

ৰাজ্যত নাগৰিকত্বৰ প্ৰশ্নটো খুবেই স্পৰ্শকাতৰ। আইনী প্ৰক্ৰিয়াৰে বিদেশী চিনাক্ত কৰাৰ সলনি ৰাজ্যৰ বিজেপি চৰকাৰখনে ‘সন্দেহযুক্ত নাগৰিক’ৰ নামত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ বহু লোকৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষ বিয়পাই আছে আৰু তেওঁলোকৰ নাগৰিকত্ব হৰণৰো কুটিল চক্ৰান্ত অব্যাহত ৰাখিছে। আনহাতে আর্থ-সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা বহু থলুৱা জনগোষ্ঠীৰ দুখীয়া লোকসকলেও বৰ্তমান ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ, যেনেঃ নিজৰ অথবা পিতৃ-মাতৃৰ জন্মৰ প্ৰমাণ-পত্ৰ, বাসস্থানৰ প্ৰমাণ, শিক্ষাগত চাৰ্টিফিকেট, আদি দাখিল কৰা অসম্ভৱ হৈ পৰিব। তদুপৰি, অসমৰ কেইবালাখ যুৱক এতিয়া প্ৰব্ৰজিত শ্ৰমিক হিচাপে বহিঃৰাজ্যত কৰ্মৰত হৈ আছে। সেই সকলৰো ব্যাপক সংখ্যকৰ নাম কৰ্তন হোৱাৰ আশংকা আছে। সেয়ে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে ৰাজ্যত এখন ত্ৰুটিহীন ভোটাৰ তালিকা প্ৰণয়নৰ স্বাৰ্থত বিশেষ বিস্তৃত পুনৰীক্ষণৰ কাম এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত আৰম্ভ কৰাৰ দাবী জনাইছে।

অসম মন্ত্ৰীসভাৰ কেবিনেট সিদ্ধান্ত অনুযায়ী ৰাজ্যত ১৮ বছৰৰ উৰ্ধৰ লোকৰ বাবে অহা অক্টোবৰৰ পৰা আধাৰ কাৰ্ড বন্ধ কৰাৰ ঘোষণাৰো চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে। আধাৰ কাৰ্ডৰ বাবে আৱেদন আৰু কাৰ্ড প্ৰাপ্তি সমগ্ৰ দেশজুৰি চলি থকা এক ধাৰাবাহিক আৰু অন্তহীন প্ৰক্ৰিয়া। অবৈধ বিদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্ব অৰ্জন কৰাটো বন্ধ কৰিবলৈ আধাৰ কাৰ্ড বন্ধ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা যুক্তি অদ্ভূত বুলিব পাৰি । আধাৰ কাৰ্ড নাগৰিকত্ব প্ৰমাণৰ নথি নহয় বুলি আধাৰ কৰ্তৃপক্ষৰ উপৰি কেন্দ্ৰীয় চৰকাৰে আৰু আনকি উচ্চতম ন্যায়ালয়েও পূৰ্বতে বিভিন্ন প্ৰসংগত ঘোষণা কৰি থৈছে। আধাৰ হ’ল কেৱল ব্যক্তিৰ পৰিচয়-পত্ৰ, বাসস্থান আদিৰহে প্ৰমাণ। তদুপৰি, ৰাজ্যৰ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে পুৰণি তথ্যৰ ভিত্তিত ৰাজ্যৰ জনসংখ্যাৰ তুলনাত আধাৰ কাৰ্ড প্ৰাপ্ত লোকৰ সংখ্যা অধিক (১০৩%) বুলি প্ৰচাৰ চলাইছে। প্ৰকৃততে চলিত ২০২৫ বৰ্ষৰ ৩১ জুলাইত প্ৰকাশিত আধাৰ কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুযায়ী অসমৰ মুঠ জনসংখ্যাৰ (আনুমানিক) প্ৰায় ৯৫ শতাংশ লোকৰহে আধাৰ কাৰ্ড আছে। ইয়াৰে ১৮ বছৰৰ উৰ্দ্ধৰ প্ৰায় ১০-১২ লাখ লোকৰ আধাৰ নাই বুলি অনুমান কৰিব পাৰি। আধাৰ কাৰ্ড নথকাসকলৰ ব্যাপক অংশটো হ’ল আর্থ-সামাজিকভাৱে পিছপৰা বিভিন্ন জনগোষ্ঠীৰ দৰিদ্ৰ আৰু নিৰক্ষৰ লোক। এতিয়া অহা অক্টোবৰৰ পৰা তেওঁলোকক আধাৰৰ বাবে আৱেদন জনোৱা অধিকাৰৰ পৰাও বঞ্চিত কৰাটো চৰম অন্যায় বুলি চিপিআই(এম)ৰ ৰাজ্যিক কমিটিয়ে মত পোষণ কৰিছে আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd