ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-এ ‘গাজাৰ বাবে মৌনতা’ শীৰ্ষক এক বিশ্বব্যাপী আহ্বানৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । ইয়াৰ দ্বাৰা আক্ৰান্ত পেলেষ্টাইনীসকলৰ প্ৰতি সংহতি প্ৰকাশাৰ্থে সকলোকে প্ৰতিদিনে স্থানীয় সময় অনুসৰি ৰাতি ৯ বজাৰ পৰা ৯:৩০ বজালৈ ম’বাইল ফোন বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত “দখলৰ অৰ্থনীতিৰ পৰা গণহত্যাৰ অৰ্থনীতিলৈ” শীৰ্ষক এক প্ৰতিবেদনে বহুজাতিক প্ৰতিষ্ঠানসমূহে কেনেদৰে গাজাৰ ওপৰত ইজৰাইলৰ অত্যাচাৰৰ সৈতে জড়িত তাৰ বিৱৰণ দাঙি ধৰিছে। এই প্ৰতিষ্ঠানসমূহৰ অনৈতিক ভূমিকাসমূহ উদঙাই দিয়াটো আৰু জনতাৰ সন্মুখত তেওঁলোকক জৱাবদিহি কৰাটো অতিশয় জৰুৰী।
এই প্ৰতিষ্ঠানসমূহে গণহত্যাৰ পৃষ্ঠপোষকতা কৰিও আমাৰ ডিজিটেল ফুটপ্ৰিণ্টৰ পৰা লাভৱান হয়। প্ৰতিদিনে নিৰ্দিষ্ট সময়ত আধা ঘণ্টাৰ বাবে আমাৰ ম’বাইল ফোনবোৰ বন্ধ কৰাটো হ’ব এটা ক্ষুদ্ৰ কিন্তু শক্তিশালী ডিজিটেল ব্যাঘাত, ই ইজৰাইলৰ গণহত্যা আৰু বৰ্ণবৈষম্যমূলক নীতিৰ পৃষ্ঠপোষকতা কৰা ছাৰ্ভেইলেঞ্চ পুঁজিবাদৰ বিৰুদ্ধে এক প্ৰতিবাদ।
চিপিআই(এম)ৰ পলিটব্যুৰ’ই এই বাৰ্তা প্ৰচাৰৰ জৰিয়তে দেশৰ সমগ্ৰ জনসাধাৰণক এই ডিজিটেল প্ৰতিবাদত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে: প্ৰতিবাদৰ সময়ছোৱাত নিজৰ ম’বাইল ফোনসমূহ বন্ধ কৰি ৰাখক আৰু যিকোনো সামাজিক মাধ্যমত পোষ্ট, লাইক, বা মন্তব্য কৰাৰ পৰা বিৰত থাকক। এই আহ্বানৰ প্ৰতি চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছে।
‘গাজাৰ বাবে মৌনতা’ শীৰ্ষক বিশ্বজনীন অভিযানত অংশগ্ৰহণৰ জৰিয়তে চিপিআই(এম)-এ পেলেষ্টাইনী জনতাৰ সৈতে থিয় দিছে আৰু ইজৰাইলৰ দ্বাৰা সংঘটিত নৃশংস গণহত্যাৰ বিৰোধিতা কৰিছে। এই সামূহিক মৌনতা এনে ধৰণৰ নৃংশসতাত অংশীদাৰ হোৱাৰ পৰা বিৰত থকাৰ এক প্ৰতিৰোধমূলক মাধ্যম তথা যুদ্ধজনীন অপৰাধসমূহৰ বিৰুদ্ধে কণ্ঠস্বৰ ৰুদ্ধ নোহোৱাৰ এক শক্তিশালী ঘোষণা হওক।