• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বংকোৱালৰ চিগা মথাউৰি পৰিদৰ্শন বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPI(M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ; মনোৰঞ্জন তালুকদাৰৰ আশ্বাসক তাৎক্ষণিক আদৰণি জীপালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2024 1:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে বোকাখাতৰ বংকোৱালত উপস্থিত হয় সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ। বংকোৱাল – নেঘেৰিটিং সংযোগী চিগা মথাউৰি পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে। বিধায়ক গৰাকীৰ লগতে উপস্থিত থাকে CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ।

বংকোৱালত বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈয়েই চিগা মথাউৰিৰৰ পুনৰ নিৰ্মানৰ কাম লেহেমীয়া গতিত হোৱাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে। ইফালে বিগত ২ জুলাই তাৰিখে উক্ত ছিন্ন মথাউৰি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মথাউৰি চিগা ঠাইত বানাক্ৰান্ত ৰাইজৰ সহায় হোৱাকৈ এক বিকল্প যাতায়তৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ১২ দিন উকলি যোৱাৰ পাছতো উক্ত অঞ্চলত কোনো বিকল্প যাতায়তৰ ব্যৱস্থা নোহোৱাত তীব্ৰ সমালোচনা কৰে জলসম্পদ মন্ত্ৰী পিয়ূয হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, “কেৱল মদগৰ্বী আচৰণ আৰু উদ্ধত মন্তব্যৰে জনসাধাৰণক বিভ্ৰান্ত কৰি থকা জলসম্পদ মন্ত্ৰীজনৰ আচলতে বানপানী আৰু মথাউৰি সন্দৰ্ভত কোনো সু-স্পষ্ট ধাৰণায়েই নাই থকা হ’লে বানপানীৰ পূৰ্বে আওপুৰণি আৰু ভগ্নপ্ৰায় মথাউৰিবোৰ তেওঁলোকে মেৰামতি কৰিলে হেতেন। কেৱল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ মথাউৰি ভাগিছে বুলি কৈ তেওঁলোকে আচলতে পুনৰবাৰ বিষয়টোৰ পৰা কৌশলেৰে গা এৰা দিব বিচাৰিছে। ৮ টা বছৰ অসমত আৰু বানপানী নহয় বুলি চৰকাৰখন শুই থাকিল, তাৰ ফল এতিয়া নিৰিহ জনসাধাৰণৰ ভোগিব লগীয়া হৈছে।”

আনহাতে CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় – “মন্ত্ৰী পিয়ূয হাজৰিকাই ৰাইজৰ এই দুৰৱস্থাৰ পাছত হয় পদত্যাগ কৰিব লাগিছিল নহয় মুখ্যমন্ত্ৰীজনে নিজেই মন্ত্ৰীসভাৰ পৰা তেওঁক অপসাৰণ কৰিব লাগিছিল”। লগতে বোকাখাত বিধানসভা সমষ্টি দুবাৰৰ বাবে দখল কৰি থকা কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাক সমালোচনা কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে পুনৰ কয়, “দুটাকৈ কাৰ্যকালত তেওঁ কি কৰিলে? আওপুৰণি মথাউৰিবোৰ পৰিদৰ্শন কৰি সেই বিলাকৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ কাম কিয় নকৰিলে? কেৱল বান অধ্যুষিত অঞ্চল পৰিদৰ্শনৰ নামত মাছ মৰা, গৰুক বেছি দিয়াৰ দৰে কাৰ্য কৰি থাকিবলৈ তেওঁৰ লাজ নালাগিল নে?” বানাকান্ত বংকোৱালবাসীয়ে মন্ত্ৰী অতুল বৰাই আজিলৈকে অঞ্চলটোৰ আন বিপদসংকুল মথাউৰিবোৰ পৰিদৰ্শন নকৰাৰ অভিযোগক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়ে বিধায়ক মনোৰঞ্জন তালুকদাৰে।

Apply Now

ইফালে বানাক্ৰান্তৰ বিকল্প যাতায়তৰ বাবে উক্ত অঞ্চলত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এখন নাও প্ৰদানৰ ঘোষণা CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ।

উল্লেখযোগ্য যে বংকোৱালৰ ছিন্ন মথাউৰি পৰিদৰ্শন কালত বিধায়ক মনোৰঞ্জন তালুকদাৰে বিধান সভাত বংকোৱালৰ বান সমস্যা সাজোৰে উপস্থাপন কৰাৰ আশ্বাস দিয়ে বানাক্ৰান্ত ৰাইজক। তেওঁ কয় – ” বিধান সভাত আমি বংকোৱালৰ বান সমস্যাক শক্তিশালী কণ্ঠৰে উপস্থাপন কৰি চৰকাৰক ইয়াৰ স্থায়ী সমাধানৰ বাবে বাধ্য কৰাবলৈ চেষ্টা কৰিম”। ইফালে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এই আশ্বাসৰ প্ৰতি তৎক্ষণিক আদৰণি জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই। জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে কয় – “বিধান সভাৰ এই শক্তিশালী বক্তা গৰাকীৰ বক্তব্যক আমি শ্ৰদ্ধা আৰু আদৰণি জনাইছোঁ। যিটো কাম কৰিবলৈ উৎসাহি হ’ব লাগিছিল স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা সেই কাম কৰিবলৈ ওলাইছে মনোৰঞ্জন তালুকদাৰে, মন্ত্ৰী অতুল বৰাৰ লজ্জানত হ’ব পৰাকৈ আৰু কিবা থাকিলনে বুলিও প্ৰশ্ন কৰে জীপালৰ উপদেষ্টা গৰাকীয়ে।

উল্লেখযোগ্য যে দেওবাৰে বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু CPIM দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে বংকোৱালৰ ছিন্ন মথাউৰি অঞ্চল পৰিদৰ্শন কৰাৰ উৰিও ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ লগত ঠায়ে আলোচনাত মিলিত হয় লগতে কাঞ্চাচাপৰি, গোলোংটেমেৰা আৰু বাতিৱলা অঞ্চল পৰিদৰ্শন কৰি উক্ত ঠাইৰ মথাউৰিৰ এতিয়াও তিনি অংশত হৈ থকা  ‘লিকেজ’ পৰিদৰ্শন কৰি খেদ প্ৰকাশ কৰে। লগতে কাঞ্চা চাপৰিৰ মথাউৰি পৰিদৰ্শন কৰি এই ক্ষেত্ৰত স্থানীয় বিধায়ক অতুল বৰাৰ অমনোযোগিতা ক তীব্ৰ সমালোচনা কৰে।

উল্লেখযোগ্য যে যোৱা ২ জুলাইৰ পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে বংকোৱাল-নেঘেৰিটিং সংযোগী মথাউৰিটোৰ এটা বৃহৎ গুৰুত্বপূৰ্ণ অংশ চিঙি পেলোৱাৰ ফলত এতিয়া বংকোৱাল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত হাহাকাৰ অৱস্থা জনসাধাৰণৰ।ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গ’ল কাৰোবাৰ  ঘৰ,কাৰোবাৰ  ভঁড়ালৰ সাচতীয়া ধান। উটি গ’ল পোহনীয়া  গৰু – গাহৰি, চিঙি-ভাঙি বিধস্ত হ’ল অঞ্চলটোৰ বহুতো গাম্য উপপথ।

একপ্ৰকাৰ শতিকা পিছুৱাই যোৱা বিধস্তপ্ৰায় অৱস্থা এতিয়া বংকোৱাল তথা ইয়াৰ কাষৰীয়া অঞ্চল সমুহৰ।যাক নিজে প্ৰত্যক্ষ নকৰিলে কল্পনা কৰাই টান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd