দৰিদ্ৰ পৰিয়ালক নগদ ধন, বিনামূল্যে খাদ্য সামগ্ৰী দিয়াৰ দাবীত ১৬ মে’ত চিপিআই(এম)এ দেশজুৰি কৰিব প্ৰতিবাদ

index.jpg

দেশৰ দৰিদ্ৰ জনগণক নগদ ধন প্ৰদান আৰু বিনামূলীয়া খাদ্য সামগ্ৰী বিতৰণৰ দাবীত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব ভাৰতীয় কমিউনিষ্ট পাৰ্টি(এম)এ।

বুধবাৰে এই ঘোষণা কৰে চিপিআই(এম)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে।

কোভিড১৯ মহামাৰীক লৈ নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ ধৰ্মনিৰপেক্ষতা, গণতান্ত্ৰিক আৰু যুক্তৰাষ্ট্ৰীয় কাঠামোক চৰকাৰৰ সৈতে একাত্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি য়েচুৰীয়ে কয় যে কেন্দ্ৰই মহামাৰী নিৰ্মূলৰ নামত দেশৰ জনগণৰ বাস্তৱিক প্ৰয়োজনক অৱহেলা কৰিছে।

জ্যেষ্ঠ বামপন্থী নেতাগৰাকীয়ে ফেইচবুকৰ মাধ্যমেৰে জনাই যে ২৪ মাৰ্চত দেশজুৰি  বলৱৎ হোৱা ল’কডাউনৰ পিছত ১ জুনত চিপিআই(এম)ৰ প’লিট ব্যু’ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰা হয়।

য়েচুৰয়ী অভিযোগ কৰে যে কেন্দ্ৰই ক’ৰ’না নিৰ্মূলৰ নামত ৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰী তথা সংঘীয় চৰিত্ৰৰ বিশেষত্ব তথা মৰ্যাদাকে অনিষ্ট কৰিছে।

‘মোদী চৰকাৰে কেন্দ্ৰীভূত ৰাষ্ট্ৰ নিৰ্মাণ কৰিছে, যিয়ে ধৰ্মনিৰপেক্ষ প্ৰজাতান্ত্ৰিক গণৰাজ্যক আৰ এছ এছৰ ৰাজনৈতিক প্ৰকল্পক সাকাৰ কৰাত সহায় কৰিছে।’  য়েচুৰীয়ে অভিযোগ কৰি কয়।

ইফালে চিপিআই(এম)ৰ প’লিট ব্যু’এ এক বিবৃতিত কোৱা হৈছে যে দেশৰ জিএছটি ৭০,০০০ কোটি হ্ৰাস পোৱাৰ বিপৰীতে ক’ৰ্পৰেট টেক্স হ্ৰাস পাইছে ১,০৬,০০০ কোটিৰো অধিক।

‘এই ঘাটিৰ বাবে ৰাজ্যসমূহো পাবলগীয়া অংশ কমি গৈছে, যাৰ প্ৰভাৱ ৰাজ্যসমূহৰ অৰ্থনীতিত পৰিছে।’

য়েচুৰীয়ে সদৰী কৰি যে দেশৰ দৰিদ্ৰ প্ৰতিটো পৰিয়ালকে ছমাহৰ বাবে ৭,৫০০ টকা নগদ ধন প্ৰদান, ছমাহৰ বাবে ১০ খাদ্য সামগ্ৰীৰ বিনামূল্যে বিতৰণ, MGNREGA অধীনত বৰ্ধিত মজুৰিসহ ১০০ দিনৰ পৰিৱৰ্তে ২০০ দিনৰ কৰ্ম দিন নিশ্চিত কৰাৰ দাবীত চিপিআই(এম)এ দেশজুৰি ১৬ মে’ত বিক্ষোভ প্ৰদৰ্শন কৰিব।