আকৰ্ষণীয় লুক আৰু মসৃন ফিচাৰ্ছেৰে সমৃদ্ধ ৫৩ হাজাৰ টকীয়া ইলেকট্ৰিক স্কুটী মুকলি

cryan1_112119055246 new

Crayon Motors য়ে এখন নতুন ইলেকট্ৰিক স্কুটাৰ Envy মুকলি কৰিছে।ইলেকট্ৰিক স্কুটীখন দেখিবলৈ আকৰ্ষণীয় আৰু ইয়াৰ ফিচাৰ্ছসমূহো উন্নত প্ৰযুক্তিৰে সমৃদ্ধ।

যুৱ প্ৰজন্মৰ পছন্দৰ প্ৰতি দৃষ্টি ৰাখি ইয়াৰ ডিজাইন কৰা হৈছে। Crayon Motors উত্তৰাখণ্ডৰ কোম্পানী।

প্ৰথম দৃষ্টিতে এই ইলেকট্ৰিক স্কুটাৰৰ আকৰ্ষণীয় লুকটো সকলোৰে পছন্দৰ কাৰণ হ’ব। আধুনিক ডিজাইনৰ এই স্কুটীখনত কেইবাটাও নতুন ফিচাৰ্ছ দিয়া হৈছে।

Crayon Envy ইলেকট্ৰিক স্কুটাৰখনৰ দৈৰ্ঘ ১,৮৮০মিলিমিটাৰ, প্ৰস্থ ৭১০ মিলিমিটাৰ  আৰু উচ্চতা ১,১২০ মিলিমিটাৰ। স্কুটীখনৰ লোডিং ক্ষমতা ১৫০ কিলোগ্ৰাম।

Crayonৰ এই এই ইলেকট্ৰিক স্কুটাৰখনত দীঘলীয়া ছিট দিয়া হৈছে য’ত দুজন লোক আৰামেৰে বহিব পাৰিব।

কোম্পানীৰ মতে, মন্থৰ গতিৰ এই ইলেকট্ৰিক স্কুটাৰৰ ভিতৰত এয়া এক সুন্দৰ বিকল্প। এই ইলেকট্ৰিক স্কুটাৰ তিনিটা ৰঙ শুভ্ৰ বগা, নীলা আৰু কমলা ৰঙত মুকলি কৰা হৈছে।

Crayon Envyৰ ফ্ৰন্টত ডিস্ক আৰু ৰিয়ৰত ড্ৰম ব্ৰেক আছে। সুৰক্ষাৰ বাবে ইয়াত ৰিজেনেৰিটিভ এনাৰ্জিৰ সৈতে ইলেকট্ৰিক এছিষ্টেড ব্ৰেকিং ছিষ্টেম (E-ABS)  আছে।

স্কুটীখনত পাছত বহা ব্যক্তিজনৰ বাবে বেক ৰেষ্ট দিয়া হৈছে। এইটোৱে স্কুটীখনক আন এটা লুক আনি দিছে।

এই ইলেকট্ৰিক স্কুটাৰখনত টিউবলেছ টায়াৰৰ সৈতে অল্যাই ব্লীজ দিয়া হৈছে। ফিচাৰ্ছৰ কথা ক’বলৈ গ’লে ইয়াত কীলেছ ইগ্নিশ্যন, চেন্ট্ৰেল লকিং ফাংশ্যন, ৰিজেনেৰেটিভ ব্ৰেকিং ছিষ্টেম আৰু ডিজিটেল স্পীডোমিটাৰৰ দৰে ফিচাৰ্ছ আছে।

Crayon Envyত ২৫০ ৱাট BLDC মটৰ আৰু 48/60V বাল্ব ৰেগুলেটেড লীড এছিদ (VRLA)বেটাৰী দিয়া হৈছে। ইয়াৰ ফুল চাৰ্জ হওতে ৫-৬ঘন্টা সময় লাগিব।

ইয়াৰ আনটো ভেৰিয়েন্টত লিথিয়াম-আয়ন বেটাৰীৰ বিকল্প যিটো ২ৰ পৰা ৩ ঘন্টাত ফুল চাৰ্জ ল’ব। ফুল চাৰ্জ হৈ যোৱাৰ পাছত এই ইলেকট্ৰিক স্কুটাৰখন ৭০ কিলোমিটাৰ পৰ্যন্ত চলিব। ইয়াৰ টপ স্পীড প্ৰতি ঘন্টাত ২৫ কিলোমিটাৰ হ’ব।

Crayon Envyৰ VRLA ভেৰিয়েন্টৰ দাম ৫৩ হাজাৰ টকা। আনহাতে,লিথিয়াম-আয়ন বেটাৰীৰ ভেৰিয়েন্টৰ দাম৬৫হাজাৰ টকা।

কোম্পানীয়ে এই স্কুটীখনৰ সৈতে ১২ মাহৰ ৱাৰেন্টি দিয়া হৈছে। তদুপৰি, কোম্পানীয়ে এই স্কুটীৰ লগত ১৫টা বেংক আৰু NBFC ৰ জৰিয়তে ৰেডী EMI ৰ অ’ফাৰ দিছে। ইয়াৰ সৈতে জিৰ’ ডাউনপেমেন্টৰ বিকল্পও আছে।