বেট-বল-জাৰ্চি নিলামেৰে অসম-বিহাৰৰ বন্যাৰ্তক সহায়ৰ চেষ্টা কোহলী আৰু আন খেলুৱৈৰ

ক’ৰ’না ভাইৰাছৰ সংহাৰৰ মাজতেই অসম আৰু বিহাৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে। বানৰ ফলত অসমৰ কেইবা লাখ লোকৰ লগতে বনৰীয়া জীৱ-জন্তুৰ বিস্তৰ ক্ষতিসাধন হৈছে।

বানৰ উদ্বেগজনক ছবি দেখি এই ৰাজ্য দুখনৰ লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ লগতে আন কেইবাজনো খেলুৱৈ।

প্ৰলয়ংকাৰী বানে এশৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে হাজাৰ লোকে ঘৰ-মাটি হেৰুৱাই পেলাইছে।

কোহলীৰ উপৰি এই দুয়োখন ৰাজ্যক সহায়ৰ বাবে আগবাঢ়ি আহিছে কে এল ৰাহুল, য়ুজবেন্দ্ৰ চাহাল, শুভমন গিল আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ।

আনহাতে টেনিছ তাৰকা ছানিয়া মিৰ্জাই কয়, ‍‘মই অসম আৰু বিহাৰৰ বানাক্ৰান্ত লোকৰ সৈতে আছো’।

কোহলীয়ে এটা ভিডিঅ’ৰ জৰিয়তে কয়, ‍‘আমি সকলো ঐক্যবদ্ধভাৱে অসম আৰু বিহাৰৰ সৈতে আছো। সকলো এক হোৱাৰ প্ৰয়োজন। আহক আমি সকলোৱে সহায় কৰো’।

জানিব পৰা মতে কোহলীৰ লগতে আন আন ক্ৰিকেটাৰ সকলে সাহায্য প্ৰদানৰ বাবে নিজৰ নিজৰ অমূল্য সম্পদ নিলাম কৰিছে।

ইয়াৰ পৰা সংগ্ৰহ কৰা ধনৰাশি সাহায্য পুঁজিলৈ প্ৰদান কৰিব।

কোহলীয়ে বেট, ৰিদ্ধিমান সাহাই নিজৰ চহী থকা এটি টেষ্ট জাৰ্চি নিলামত দিছে।

আনহাতে কুলদীপ যাদৱে হেট্ৰিক কৰা বল, চাহাল আৰু ৰাহুলে বল আৰু বেট আৰু হৰমনপ্ৰীত কৌৰে নিজৰ শততম টি-২০ মেচত পিন্ধা জাৰ্চিটো নিলামত দিছে।

ইফালে ছানিয়া মিৰ্জাই যিখন ৰেকেটেৰে ২০১৬ অষ্ট্ৰেলিয়া অ’পেনত ডাবলছৰ খিতাপ অৰ্জন কৰিছিল সেই ৰেকেটখন বিক্ৰী কৰিব।