• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধনশ্ৰীৰ সৈতে থকা সকলো ছবি ডিলিট কৰিলে চাহালে! আনফ’ল’ পত্নীৰ, মন ঘূৰিবনে স্পিনাৰৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 2:56 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰ হাৰ্দিক পাণ্ডিয়া আৰু নাটাছা ষ্টেংকভিচে বিচ্ছেদৰ পথত খোজ দিছিল। এইবাৰ ভাৰতীয় দলৰ আন এজন তাৰকাই নিজৰ বৈবাহিক জীৱনৰ অন্ত পেলাব নেকি? তেওঁৰ শেহতীয়া কাৰ্যকলাপে সেই জল্পনা-কল্পনাক ইন্ধন যোগাইছে। যুজবেন্দ্ৰ চাহালৰ কথাই কোৱা হৈছে। তেওঁ পত্নী ধনশ্ৰীৰ সৈতে ছচিয়েল মিডিয়াত থকা সকলো ছবি ডিলিট কৰিছে! ধনশ্ৰীয়ে আকৌ ইনষ্টাগ্ৰামৰ পৰা চাহলক আনফ’ল’ কৰিলে!

যোৱা বছৰৰ পৰাই চাহাল আৰু ধনশ্ৰীৰ মাজত বিবাদৰ চৰ্চা চলিছিল। চাহালে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত লিখিছিল, ‘নতুন জীৱন আৰম্ভ হৈছে।’ অৱশ্যে চাহালে তেতিয়া বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাক উৰুৱাই দিয়ে। কিন্তু এই ঘটনাৰ পিছতে ধনশ্ৰীয়ে নিজৰ নামৰ পৰা স্বামীৰ উপাধিটো আঁতৰাই দিয়ে। তাৰ পিছতে তেওঁলোকৰ সম্পৰ্কত ফাট মেলাৰ চৰ্চা শিৰোনামলৈ আহে।

এইবাৰ নতুনকৈ আৰম্ভ হৈছে বিচ্ছেদৰ চৰ্চ। ভাৰ্চুৱেল জগতখনত চাহাল অতি সক্ৰিয়। প্ৰায়ে পত্নীৰ সৈতে বিভিন্ন মুহূৰ্তৰ ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। কিন্তু এইবাৰ সেই সকলোবোৰ ছবি ভাৰতীয় স্পিনাৰগৰাকীয়ে আঁতৰাই পেলাইছে!

ইয়াৰ বিপৰীতে ধনশ্ৰীয়ে ইনষ্টাগ্ৰামত চাহালক আনফ’ল’ কৰিছে। অৱশ্যে চাহালৰ সৈতে পোষ্ট কৰা কোনো ছবি এতিয়ালৈকে ডিলিট কৰা নাই। কিন্তু স্বামী-স্ত্ৰীৰ এই কাৰ্যকলাপত বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।

ইয়াৰ মাজতে তাৰকা দম্পতীৰ ঘনিষ্ঠ সূত্ৰৰ পৰাই জানিব পৰা গৈছে, উৰাবাতৰি পৰা নহয় সঁচাকৈয়ে হেনো বিবাহ বিচ্ছেদৰ কথা-বাৰ্তা চলিছে। তেওঁ কৈছে, “তেওঁলোকৰ বিবাহ বিচ্ছেদ হ’বই। ঘোষণাটো মাথোঁ সময়ৰ অপেক্ষা। অৱশ্যে বিচ্ছেদৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু যিমানদূৰ জনা যায়, দুয়োজনে পৃথকে থকাৰ সিদ্ধান্ত লৈছে।”

২০২০ চনৰ ১১ ডিচেম্বৰত চাহাল আৰু ধনশ্ৰী বিবাহপাশত আবদ্ধ হয়। অভিনেত্ৰী-নৃত্য পৰিচালক ধনশ্ৰীয়ে জনাইছিল, লকডাউনৰ সময়ছোৱাত ক্ৰীড়া সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল। তেতিয়াই চাহালে ছ’চিয়েল মিডিয়াত তেওঁৰ নৃত্যৰ ভিডিঅ’ চাই নৃত্য শিকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ভাৰতীয় স্পিনাৰগৰাকীৰ ‘ডান্স টিচাৰ’ হোৱাৰ পিছতে দুয়ো তাৰকাই প্ৰেমত পৰে। কিন্তু সেই সম্পৰ্ক হয়তো অতি সোনকালে শেষ হ’বলৈ ওলাইছে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd