NORTHEAST NOW (Assamese)

গুজৰাট বিজেপিত জোকাৰণি! ছয় হাজাৰকোটি কেলেংকাৰীত অভিযুক্ত বিজেপি নেতা

December 10, 2024 4:55 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 10, 2024 4:56 pm

গুজৰাট আৰক্ষীয়ে এটা ডাঙৰ পঞ্জী আঁচনিৰ কেলেংকাৰি উদঙাইছে, য’ত প্ৰায় ছয় হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনা সংঘটিত হৈছিল। এই কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড হৈছে বিজেপিৰ সদস্য হিচাপে পৰিচিত আৰু গুজৰাটৰ শীৰ্ষ নেতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা ভূপেন্দ্ৰ সিং ঝালা। তেওঁ নিজৰ ছবি বিজেপি নেতাৰ সৈতে শ্বেয়াৰ কৰি ৰাইজৰ মাজত আস্থা গঢ়ি তোলাত সফল হৈছিল। ঝালাই ২০১৬ চনত এই ‘মানি ডাবলিং’ আঁচনিখন আৰম্ভ কৰিছিল আৰু পিছলৈ বহু শিক্ষানুষ্ঠানো মুকলি কৰিছিল। আৰক্ষীৰ মতে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমতি অবিহনে তেওঁ মানুহৰ পৰা ধন জমা কৰিছিল।

বিজেপি নেতাৰ সৈতে ভূপেন্দ্ৰ সিং ঝালাৰ ঘনিষ্ঠতাই এই কেলেংকাৰি ফলপ্ৰসূভাৱে চলোৱাত সহায়ক বুলি প্ৰমাণিত হ’ল। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ২০২৪ চনত তেওঁক ‘গুজৰাটৰ গৌৰৱ’ আৰু ‘ব্যৱসায়ত উৎকৃষ্টতা’ৰ দৰে বঁটা প্ৰদান কৰিছিল। কিন্তু এতিয়া পোহৰলৈ আহিছে যে একেবোৰ প্ৰতিষ্ঠানৰ বিত্তীয় লেনদেনত প্ৰৱঞ্চনা সংঘটিত হৈছিল। চিআইডিৰ তথ্য অনুসৰি ঝালাই শিক্ষানুষ্ঠানখন বন্ধকত ৰাখি বেংকৰ পৰা ঋণ লৈ তাৰ বহু পৰিমাণৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰে।

২০২২ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে ভূপেন্দ্ৰ ঝলাৰ নামো আগতীয়াকৈ আহিছিল। এই কথা অস্বীকাৰ কৰি বিজেপিৰ ৰাজ্যিক সংবাদ মাধ্যমৰ মুৰব্বী যগনেশ দেবে কয় যে ঝলা বিজেপিৰ কৰ্মী নহয়, বৰঞ্চ দলৰ বাবে কাম কৰিছিল। এই বিষয়ত গুজৰাট কংগ্ৰেছৰ মুখপাত্ৰ মনীষ দোষীয়ে কয় যে বিজেপিয়ে কেৱল কেলেংকাৰী ৰোধ কৰাত ব্যৰ্থ হোৱাই নহয় দুৰ্নীতিগ্ৰস্তৰ সৈতেও থিয় দিছে, আনহাতে বিজেপি নেতা আৰু ভূপেন্দ্ৰ ঝলাৰ মাজত বহু ছবি আৰু সম্পৰ্ক চৰ্চালৈ আহিছে।

চিআইডিৰ তথ্য অনুসৰি এই পঞ্জী আঁচনিৰ লগত শিক্ষক, চিকিৎসক, অধিবক্তা, কৃষক আদি বৃহৎ সংখ্যক পেছাদাৰী ব্যক্তি জড়িত আছিল, আৰু আইপিএলৰ ক্ৰিকেটাৰসকলো ইয়াত বিনিয়োগকাৰী আছিল। তদন্তকাৰী সংস্থাই এই পৰ্যন্ত ৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বিভিন্ন কোম্পানী আৰু বেংক একাউণ্ট ফ্ৰীজ কৰি ৰাখিছে। ভূপেন্দ্ৰ ঝলাৰ পৰা বিলাসী গাড়ীও জব্দ কৰা হৈছে, আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Related News