ভাৰত ৰাষ্ট্ৰ সমিতিৰ জ্যেষ্ঠ নেতা চেন্নামানেনী ৰমেশক জাৰ্মান নাগৰিক বুলি ৰায় দি ভাৰতীয় নাগৰিকত্ব বাতিল কৰিলে তেলেংগানা উচ্চ ন্যায়ালয়ে। জাৰ্মান নাগৰিকত্ব সম্পৰ্কীয় তথ্য দমন কৰি ন্যায়পালিকাক বিপথে পৰিচালিত কৰাৰ বাবে আদালতে ৰমেশক ৩০ লাখ টকাৰ জৰিমনা বিহিছে। ভাৰতীয় বিধায়কৰ নাগৰিকত্ব বাতিল হোৱাৰ এইটোৱেই প্ৰথম দৃষ্টান্ত। উপ-নিৰ্বাচনকে ধৰি বহুবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যদিও ভাৰতীয় পৰিচয় দাবী কৰিও জাৰ্মান নাগৰিকত্ব অক্ষুণ্ণ ৰাখিছিল ৰমেশে।
ৰায়দানত আদালতে ২০১৯ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্তক সমৰ্থন কৰে, য’ত ৰমেশৰ ভাৰতীয় নাগৰিকত্ব বাতিল কৰা হৈছিল। আদালতে লক্ষ্য কৰে যে ৰমেশক জাৰ্মান পাছপ’ৰ্ট দিয়া হৈছিল, যিটো ২০৩৩ চনলৈকে নবীকৰণ কৰা হৈছিল আৰু ২০২৩ চনত তেওঁ তিনিবাৰকৈ জাৰ্মানীলৈ গৈছিল।এইটোও লক্ষ্য কৰিছিল যে ৰমেশে জাৰ্মান নাগৰিকত্ব ত্যাগ কৰাৰ কোনো প্ৰমাণ দিব পৰা নাছিল। আদালতে জোৰ দি কয় যে ৰমেশৰ এই কার্যই প্রকৃত ভাৰতীয় নাগৰিকক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে৷
ৰমেশৰ নাগৰিকত্ব বাতিলৰ বাবে আবেদন দাখিল কৰিছে ভেমুলাৱাডাৰ কংগ্ৰেছৰ বিধায়ক আদি শ্ৰীনিবাসে, য’ত যুক্তি দিছিল যে ৰমেশে নব্বৈৰ দশকত জাৰ্মান নাগৰিকত্ব লাভ কৰিছিল আৰু ২০০৮ চনত ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ সময়তো সেই নাগৰিকত্ব অব্যাহত ৰাখিছিল। উচ্চ ন্যায়ালয়ে শ্ৰীনিবাসৰ সপক্ষে ৰায় দি ৰমেশক আবেদনকাৰীৰ আইনী খৰচ বহন কৰিবলৈ ৩০ লাখ টকাৰ জৰিমনাৰ পৰা ২৫ লাখ টকা দিবলৈ নিৰ্দেশ দিয়ে।
এই ৰায়দানৰ জৰিয়তে ভাৰতে দ্বৈত নাগৰিকত্বৰ অনুমতি নিদিয়া কথাটোক আৰু অধিক শক্তিশালী কৰি তুলিছে। জনপ্ৰতিনিধিত্ব আইনৰ অধীনত ভাৰতীয় নাগৰিক নোহোৱা ব্যক্তিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা বা ভোটদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফলত ৰমেশৰ ৰাজনৈতিক কেৰিয়াৰ কাৰ্যকৰীভাৱে শেষ হয়, কিয়নো ভাৰতীয় নাগৰিকত্ব বাতিলৰ বাবে তেওঁ আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে।