NORTHEAST NOW (Assamese)

প্ৰেমত বাধা হোৱাৰ বাবে শিশু অপহৰণৰ অভিযোগ; মুম্বাইত গ্ৰেপ্তাৰ ‘ক্ৰাইম পেট্ৰ’ল’ খ্যাত অভিনেত্ৰী

October 21, 2024 10:31 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

টিভি ধাৰাবাহিক অভিনেত্ৰী। জনপ্ৰিয় ক্ৰাইম টেলিভিছন শ্ব’ ‘ক্ৰাইম পেট্ৰ’ল’তো অভিনয় কৰিছিল। এইবাৰ শিশু অপহৰণৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী শ্বাব্ৰিনক। মহাৰাষ্ট্ৰৰ পালগড় জিলাৰ পৰা চাড়ে তিনি বছৰীয়া শিশুটিক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি মতে, অভিনেত্ৰীগৰাকীৰ শিশুটিৰ খুড়াক ব্ৰিজেশ সিঙৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু ব্ৰিজেশৰ পৰিয়ালৰ লোকে তেওঁলোকৰ বিয়াত সন্মতি নিদিলে। আৰক্ষী বিষয়াৰ মতে শ্বাব্ৰিনে ব্রিজেশৰ প্ৰেমত ইমানেই নিমগ্ন হৈ পৰিছিল যে তেওঁ কি কৰি আছে তাৰ সম্বিত হেৰুৱাইছিল। আৰক্ষীয়ে নিশ্চিত কৰিছে যে মহিলাগৰাকী টেলি ছিৰিয়েল ‘ক্ৰাইম পেট্ৰ’ল’ৰ অভিনেত্ৰী।

এই অপহৰণ কাণ্ডৰ সৈতে ব্ৰিজেশৰ কোনো সম্পৰ্ক আছে নেকি তাৰো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। যোৱা কেইবছৰমানৰ পৰাই শ্বাব্ৰিনৰ লগত ব্রিজেশৰ সম্পৰ্ক আছিল। কিন্তু দুয়োজনেই একে ‘জাতি’ৰ নহয় বাবে ব্ৰিজেশৰ পৰিয়ালে এই বিবাহত সন্মতি নিদিলে।

লগতে পঢ়কঃ দক্ষিণ আফ্ৰিকাক অনায়াসে পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপত চেম্পিয়ন হ’ল নিউজিলেণ্ড

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শ্বাব্ৰিনেও ব্ৰিজেশৰ পৰিয়ালৰ লোকক বহুবাৰ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু সমাধান হোৱা নাছিল। এনে পৰিস্থিতিত শনিবাৰে তেওঁ ব্ৰিজেশৰ ভতিজাকক অপহৰণ কৰাৰ অভিযোগ।

ব্ৰিজেশৰ ভতিজাক শনিবাৰে পুৱা আন স্বাভাৱিক দিনৰ দৰে স্কুললৈ গৈছিল। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰায় ১১ বজাৰ আশে পাশে শ্বাব্ৰিনো বিদ্যালয়খনৰ সন্মুখত উপস্থিত হয়। স্কুল সেই স্কুটী হৈছিল। ব্ৰিজেশৰ ভতিজাকে শ্বাব্ৰিনক আগৰ পৰাই চিনি পাইছিল। চাড়ে তিনি বছৰীয়া শিশুটিয়ে চিনাকি মুখ এখন থকাৰ বাবে শ্বাব্ৰিনৰ লগত যোৱাত আপত্তি নকৰিলে।

পিছত দুপৰীয়া ব্ৰিজেশৰ ভতিজা ঘৰলৈ উভতি নাহিল আৰু পৰিয়ালৰ লোক চিন্তিত হৈ পৰিল। বিদ্যালয়ৰ লগত যোগাযোগ কৰিলে। সোধা-পোছাত তেওঁ গম পালে যে এগৰাকী মহিলাই তেওঁক ডাক্তৰক দেখুওৱাৰ নামত স্কুলৰ পৰা লৈ গৈছে। থানাত খবৰ দিলে। বিদ্যালয়খনৰ সন্মুখত থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে শ্বাব্ৰিনক চিনাক্ত কৰে।

লগতে পঢ়কঃ ১১.৯৬ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত পত্নীসহ ৰেমো ডি’ চুজাকে ধৰি ৭জনৰ বিৰুদ্ধে FIR দাখিল

ব্ৰিজেশৰ ভতিজাককলৈ তেওঁ স্কুলৰ সন্মুখৰ পৰা অটো এখনত উঠিছিল। সেই সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। লগতে তদন্তকাৰী দলটোৱে শ্বাব্ৰিনৰ মোবাইল ফোনটোৰ অৱস্থান নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰে।

অৱশেষত বান্দ্ৰাৰ পৰা শ্বাব্ৰিনক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ স্বীকাৰ কৰে যে শিশুটিক নৈগাঁও অঞ্চলৰ এটা ফ্লেটত লুকুৱাই ৰখা হৈছে। আৰক্ষীয়েও উদ্ধাৰ কৰে শিশুটিক। 

Related News