ব্যায়াম কৰাৰ পৰতে ঘৰিয়ালে প্ৰাণ ল’লে কোষ্টাৰিকান ফুটবলাৰৰ

মৃত্যু ক’ত, কেতিয়া, কি দৰে হয় তাৰ কোনো পূৰ্ব নিশ্চিতি সম্ভৱ নহয়। মৃত্যু সদায়েই দুখৰ। কিন্তু তাৰ মাজতো কিছু কল্পনাতীত ঘটনাই সমাজক অত্যন্ত শোকাকুল কৰি তোলে। এনে এক মৰ্মান্তিক ঘটনাতে জীৱনাৱসান ঘটিছে কোষ্টাৰিকাৰ এগৰাকী ফুটবলাৰৰ।

ফুটবলাৰগৰাকীৰ নাম জেছুছ আলবাৰ্টো লোপেজ অৰ্টিজ। ২৯ বৰ্ষীয় ফুটবলাৰগৰাকীয়ে শাৰীৰিক ব্যায়াম কৰি থকাৰ সময়তে ঘৰিয়ালৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কানাছ নদীত।

এই ঘটনাৰ প্ৰকাশ পোৱা ভিডিঅ’ত অৰ্টিজৰ মৃতদেহ টানি আক্ৰমণ কৰা ঘৰিয়ালটোৱে নদীৰ মাজেৰে সাঁতুৰি আগবাঢ়ি যোৱা শিহৰণকাৰী দৃশ্য দেখিবলৈ পোৱা গৈছে। এনে অকল্পনীয় আৰু ভয়ংকৰ দৃশ্যই আতংকিত কৰি তোলে ঘটনাস্থলীত থকা আন লোকসকলক।

উল্লেখ্য যে, অৰ্টিজ আছিল ডিপ’ৰ্টীভ’ ৰিঅ’ কানাছ নামৰ ফুটবল ক্লাৱৰ সদস্য। তেওঁ যিটো এটা অপেশাদাৰী ক্লাব দল। তেওঁ কোষ্টাৰিকাৰ দ্বিতীয় ডিভিজন ফুটল লীগ কোষ্টাৰিকা এচেনছ’ লীগতো অংশ লৈছিল।

অৰ্টিজৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি ডিপ’ৰ্টীভ’ ৰিঅ’ কানাছে এক ফেচবুক পোষ্ট যোগে শোক প্ৰকাশ কৰে। চুচ’ নামেৰে জনপ্ৰিয় অৰ্টিজক শেষ শ্ৰদ্ধা জনাই ক্লাৱটোৱে লগতে তেওঁক ক্লাৱ পৰিয়ালৰ এক অংগ হিচাপে সৰ্বদা স্মৰণ কৰা হ’ব বুলি শোকবাৰ্তা দিয়ে।

ইফালে, অৰ্টিজৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ স্থানীয় আৰক্ষীয়ে ঘৰিয়ালটোক হত্যা কৰিবলগীয়া হয়। প্ৰকাশিত খবৰ অনুসৰি, আৰক্ষীয়ে আগ্নেয়াস্ত্ৰৰে গুলী কৰি ঘৰিয়ালটোক হত্যা কৰে আৰু অৰ্টিজৰ নিথৰ দেহ উদ্ধাৰ কৰে।