• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত ঘৰিয়াল: বন্যপ্ৰাণী গৱেষকৰ মাজত চাঞ্চল্য

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
March 4, 2022 3:18 pm
IMG_20220304_084516
192
VIEWS
Share on FacebookShare on Twitter

বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত ঘৰিয়ালৰ সন্ধান পোৱা গৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ শিলঘাটৰ এটা চাপৰিত দেখিবলৈ পোৱা গৈছে ঘৰিয়াল ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিৰ যৌথ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিত চলাই থকা এক জৰীপৰ সময়ত পোৱা গৈছে ঘৰিয়ালৰ তথ্য ৷

জৰীপ দলৰ জ্যেষ্ঠ সদস্য বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ত্ৰিদীপ শৰ্মাৰ কেমেৰাত বন্দী হৈছে ব্ৰহ্মপুত্ৰৰ বালিত থকা এটা ঘৰিয়ালৰ ছবি ৷ ইয়াৰ আগতে কাজিৰঙাত ঘৰিয়াল দেখাৰ প্ৰামাণিক তথ্য পোৱা হোৱা নাছিল ৷

লগতে পঢ়ক: ”মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে অসমীয়া জাতি সত্তাৰ ভেঁটি ধ্বংস কৰাত লাগি পৰিছে”-অজিত কুমাৰ ভূঞা

আজি বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা এই ঘৰিয়ালৰ তথ্যই ইতিমধ্যেই দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ১৯৯৪ চনত ব্ৰহ্মপুত্ৰত ঘৰিয়াল পোৱাৰ এটা তথ্য আছিল যদিও ইয়াৰ কোনো চাক্ষুক প্ৰমাণ নাছিল ৷

ইয়াৰ সুদীৰ্ঘ সময়ৰ পিছত ব্ৰহ্মপুত্ৰ উপত্যকাত ঘৰিয়ালৰ অস্তিত্ব বিলুপ্ত হোৱা বুলি ভবা গৈছিল ৷ সেয়েহে সুদীৰ্ঘ সময়ৰ পিছত পোৱা ঘৰিয়ালৰ এই তথ্যই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দেশৰসমুহ বন্যপ্ৰাণী গৱেষকৰ মাজতো চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক:ৰাছিয়াৰ আক্ৰমণত জ্বলি উঠিল ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প

ইপিনে, কাজিৰঙাত শেহতীয়াকৈ আৰম্ভ হোৱা নদী পৰ্যটনকো ঘৰিয়ালৰ এই তথ্যই অন্য এক মাত্ৰ প্ৰদান কৰিছে ৷ গঁড়, ঢেকীয়াপতীয়া বাঘ, দল হৰিণ বা পৰিভ্ৰমী পক্ষীৰ পিছত এতিয়া ঘৰিয়ালো পৰ্যটকৰ আকৰ্ষণ হ’ব পাৰে বুলি ভবা হৈছে ৷

Recent News

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd