NORTHEAST NOW (Assamese)

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত চহিদ হ’ল অসমৰ নিৰোদ শৰ্মা

June 13, 2019 11:57 am · এন ই নাও নিউজ

১২ জুন অৰ্থাৎ বুধবাৰে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সংঘটিত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত অসমৰ এজন চি আৰ পি এফ জোৱান চহিদ হ’ব লগীয়া হ’ল। নিৰোদ শৰ্মা নামৰ চহিদ জোৱানজনৰ ঘৰ নলবাৰীৰ বৰমাৰ দহকাউনীয়াত।

তেওঁ ১১৬ নং চি আৰ পি এফ বেটেলিয়নৰ বি (ব্ৰেভো) কোম্পানীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল। তেওঁ পত্নীসহ দুই কন্যা সন্তান আৰু মাতৃক এৰি থৈ গৈছে।

উল্লেখযোগ্য যে ১৯৯১ চনত চি আৰ পি এফত যোগদান কৰিছিল চহিদ বিষয়াগৰাকীয়ে। সুদীৰ্ঘ ২৭ বছৰ ধৰি দেশ সেৱাত নিয়োজিত নিৰোদ শৰ্মা বিগত ১০ বছৰ ধৰি আছিল জম্মু–কাশ্মীৰত।

২০০৪ চনত টিহুৰ শিয়ালমাৰীৰ জোনালী দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা নিৰোদ শৰ্মাৰ দুই কন্যা দীক্ষিতা আৰু হিমাংগী বৰ্তমান বৰমাৰ শংকৰদেৱ শিশু নিকেতনত পঢ়ি আছে।

পত্নীৰ সৈতে চহিদ জোৱান নিৰোদ শৰ্মা

স্বৰ্গীয় প্ৰভাত শৰ্মা আৰু প্ৰিয়বালা দেৱীৰ দ্বিতীয় পুত্ৰ নিৰোদ শৰ্মাৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ লগতে তেওঁৰ জন্মস্থান নলবাৰীৰ দহকাউনীয়াবাসী শোকস্তব্ধ হৈ পৰিছে।

উল্লেখযোগ্য যে বুধবাৰে সংঘটিত এই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণত নিৰোদ শৰ্মাৰ উপৰি চি আৰ পি এফৰ আন চাৰিজন জোৱানো চহিদ হয়।

ইফালে ৰাজ্য চৰকাৰে চহিদ নিৰোদ শৰ্মাৰ পৰিয়াললৈ ২০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰিছে। ইয়াৰ উপৰি নশ্বৰদেহ বাসগৃহলৈ অনাৰ পিছত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জনায় জিলা উপায়ুক্ত ভাৰত ভূষণ চৌধুৰীয়ে।

Related News