শ্বিলঙত কৰ্মৰত মৰিগাঁৱৰ চি আৰ পি এফ জোৱানৰ ৰহস্যজনক আত্মহত্যা
মৰিগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত সাপমাৰী গাঁৱৰ নিবাসী তাহিৰাম বৰা আৰু মাকনি বৰাৰ পুত্ৰ মুনীদ্ৰ বৰাই মেঘালয়ৰ শ্বিলঙত কৰ্তব্যৰত অৱস্থাত নিজৰ বন্দুকৰে ৰহস্যজনকভাৱে গুলিয়াই আত্মহত্যা কৰে ।
অমায়িক স্বভাৱৰ জোৱানজনৰ মৃত্যুৰ খবৰ সহজভাৱে পৰিয়াল তথা গাঁওবাসীয়ে সহজে গ্ৰহণ কৰা নাই ।
ইফালে অনাকাংক্ষিত ঘটনাটোৱে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ বিয়পি পৰিছে ।
ইতিমধ্যে চি আৰ পি এফ জোৱানজনৰ শেষকৃত্ত সামৰিক মৰ্যদাৰে সাপমাৰীৰ নিজা গাঁৱত সম্পাদন কৰা হয় ।
উল্লেখ্য যে মৃত্যুৰ পূৰ্বে জোৱানজনে পত্মী আৰু পুত্ৰ কন্যাৰ লগতে আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ।