সুদীৰ্ঘ দিন ধৰ্ষণৰ লগতে নিৰ্যাতিতা যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়াৰ এক জঘন্য অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিহাৰৰ এগৰাকী উপ আৰক্ষী অধীক্ষক(ডিএছপি)ক।
বৃহস্পতিবাৰে অভিযুক্ত সোমেশ মিশ্ৰক ঝাড়খণ্ডৰ চাহেবগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। নিৰ্যাতিতা যুৱতীগৰাকীয়ে যোৱা ২২ মাৰ্চতে মিশ্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
অভিযুক্ত আৰক্ষী বিষয়া সোমেশ মিশ্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ আৰু ৩২৮ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
অভিযোগ অনুসৰি, আৰক্ষী বিষয়াগৰাকীয়ে ডেৰবছৰৰো অধিক কাল ধৰি এগৰাকী যুৱতীক ধৰ্ষণ কৰিছিল। আনকি যুৱতীগৰাকীৰ বিয়াৰ পাছতো ব্লেকমেইল কৰি তেওঁৰ ওপৰত নিৰ্যাতন চলাইছিল।
ঘটনা অনুসৰি, সোমেশ মিশ্ৰৰ সৈতে নতুন দিল্লীত যুৱতীগৰাকীৰ পৰিচয় হৈছিল। সেই সময়ত সোমেশ মিশ্ৰ আৰক্ষীৰ চাকৰিত যোগদান কৰা নাছিল।
বন্ধু এজনৰ ঘৰত সেই যুৱতীগৰাকীৰ খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলাই অজ্ঞান কৰি যুৱতীগৰাকীৰ ওপৰত তেওঁ যৌন নিৰ্যাতন চলায় আৰু লগতে ইয়াৰ এটা ভিডিঅ’ও তুলি ৰাখে।
অভিযুক্ত মিশ্ৰই সেই ভিডিঅ’টো দেখুৱাই ব্লেকমেইল কৰি প্ৰায় ডেৰ বছৰ ধৰি ধৰ্ষণ চলাই যায়। আনহাতে, শাৰীৰিক সম্পৰ্কৰ বাবে মান্তি নহ’লে ছচিয়েল মিডিয়াত সেই ভিডিঅ’ মুকলি কৰি দিয়াৰ ভাবুকি দিয়ে।
তদন্তৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়াই কয় যে বিয়াৰ পাছৰে পৰা আৰক্ষী বিষয়াগৰাকীৰ নিৰ্যাতনৰ মাত্ৰা আৰু বৃদ্ধি পায়। ইয়াৰ পাছতে যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।
আৰক্ষীয়ে তেওঁলোকৰ তদন্তত যুৱতীগৰাকীৰ অভিযোগৰ সত্যতা বিচাৰি পোৱাত অভিযুক্ত আৰক্ষী বিষয়া সোমেশ মিশ্ৰক গ্ৰেপ্তাৰ কৰে।
বিহাৰ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত আৰক্ষী বিষয়া সোমেশ মিশ্ৰক নিলম্বিত কৰিছে। তদন্ত এতিয়াও অব্যাহত আছে।