NORTHEAST NOW (Assamese)

গুৱাহাটীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) ৰ চাফাই অভিযান

June 1, 2019 11:15 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

কেন্দ্ৰীয় সংৰক্ষিত অৰক্ষী বাহিনীৰ গুৱাহাটীৰ নমাইলত থকা গোটে আজি ৰাতিপুৱা স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি সহাৰি দি এক চাফাই অভিযান চলায়।

নমাইলত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ছাউনীটোত প্ৰত্যেক মাহতে স্বাচ্ছ ভাৰতৰ কাৰ্য্যসূচীৰ অধীনত এনেদৰে চাফাই অভিযান চলোৱা হয়।

চি আৰ পি এফৰ নমাইলত গোটত থকা এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত আজি ৰাতিপুৱাৰ পৰা জোৱান সকলৰ সহযোগত ছাউনীটোৰ বিভিন্ন ঠাইত চাফাই অভিযান চলাই বুলি কয়। তেওঁ কয় কযে এই অঞ্চলটোত সাধাৰণতে বেছি পৰিমাণত জংঘল হয় যাৰ বাবে ইয়াত থকা আৱাস সমূহত সাপ বা অন্য সৰীসৃপ সমূহে প্ৰৱেশ কৰে। সেয়েহে প্ৰতি মাহতে এনেদৰে জোৱান সকলে লগ হৈ চাফাই অভিযান চলাই।

আনহাতে, স্বচ্ছ ভাৰত অভিযানৰ প্ৰসংগ উল্লেখ কৰি বিষয়া গৰাকীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে স্বচ্ছতাক গুৰুত্ব দিছে যাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰাৰ ফলত সেনা ছাউনীসমূহো যথেষ্ট চাফ-চিকুন হৈছে বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ভাৰতীয় সেনা বাহিনীৰ উপৰিও কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী অথবা অন্যান্য অৰ্ধ-সামৰিক বাহিনীয়ে প্ৰায়ে এনেদৰে সামাজিক দায়বদ্ধতা ৰক্ষা কৰি ভালেমান সামাজিক কাম কৰি আহিছে। কিছুমাহ পূৰ্বে শিৱসাগৰতো চি আৰ পি এফে শিৱসাগৰ পুখুৰী আৰু শিৱদৌলৰ চৌহদ পৰিস্কাৰ কৰিছিল।

Related News