NORTHEAST NOW (Assamese)

ছত্তীশগড়ত মাওবাদীৰ আই.ই.ডি বিস্ফোৰণ! আহত চি আৰ পি এফ বিষয়া

January 14, 2023 9:07 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 14, 2023 7:37 pm

ছত্তীশগড়ৰ মাওবাদী প্ৰভাৱিত অঞ্চলত টহল দি থকা অৱস্থাত ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণত আহত হয় এগৰাকী চি আৰ পি এফ বিষয়া। আজি পুৱা সংঘটিত হয় এই ঘটনা।

এই ঘটনা আহত বিষয়াগৰাকীক লগে লগে অৰ্ধসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। এই বিস্ফোৰণত মাওবাদী জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ছত্তীশগড় আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, শনিবাৰে পুৱা প্ৰায় ৯:৩০ বজাত বিজাপুৰৰ তাৰেম থানা এলেকাৰ পেড্ডাপল্লী গাঁৱৰ সমীপত অৰ্ধসামৰিক বাহিনীৰ ১৫৩টা বেটেলিয়নৰ জোৱানে তহল দি আছিল।

সেই সময়ত সহকাৰী উপ-পৰিদৰ্শক মহম্মদ আছলাম দলটোৰ লগত আছিল। তেনে সময়তে হঠাতে এটা আই ই ডি বিস্ফোৰণ ঘটে। বিস্ফোৰণত আহত হয় উপ পৰিদৰ্শক মহম্মদ আছলাম।

ইয়াৰ পিছতেই ততাতৈয়াকৈ উদ্ধাৰ কৰি বাছগুৰা ফিল্ড হাস্পতাললৈ লৈ যোৱা হয়। সূত্ৰ অনুসৰি আছলামৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ যদিও উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ লৈ যোৱা হ’ব পাৰে সেনা বিষয়াগৰাকীক।

Related News