চাৰিআলি আদৰ্শ বিদ্যাপীঠক ‘আদৰ্শ ভোট কেন্দ্ৰ’ৰূপে গঢ়ি তুলিছে চি আৰ পি এফে

Screenshot_20190411-093411

ফটো : নৰ্থ-ইষ্ট নাও

আজি প্ৰথম পৰ্যায়ৰ  লোকসভা নিৰ্বাচনৰ বাবে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াস্থিত ১২৯ নং চাৰিআলি আদৰ্শ বিদ্যাপীঠ ভোটগ্ৰহণ কেন্দ্ৰটিক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ চি আৰ পি এফে।

প্ৰাপ্ত তথ্য অনুসৰি বাহিনীটোৰ সৌজন্যত উক্ত ভোটগ্ৰহণ কেন্দ্ৰত মহিলা, জ্যেষ্ঠ নাগৰিক, দিব্যাংগ ব্যক্তি আদিৰ বাবে কেতবোৰ বিশেষ সুবিধা উপলব্ধ কৰা হৈছে । কেন্দ্ৰটোত মহিলাৰ বাবে সুকীয়া কোঠাৰ ব্যৱস্থা থকাৰ লগতে শিশুক দুগ্ধপান কৰোৱাৰ বাবে মহিলাসকলৰ কাৰণে বিশেষ কোঠাৰো ব্যৱস্থা কৰিছে।

আনহাতে বিশেষভাৱে সক্ষম ব্যক্তি, জ্যেষ্ঠ নাগৰিকৰ বাবেও কেন্দ্ৰটোত কেতবোৰ বিশেষ সুবিধা কৰা হৈছে। ইয়াৰ লগতে চেলফি পইন্ট, কেন্টিন তথা আকস্মিক চিকিৎসাজনিত কিছু সা-সুবিধাও ভোটদান সাব্যস্ত কৰিবলৈ অহা নাগৰিকসকলে  লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ যে বিশ্বনাথ জিলাৰ অধীনৰ দুটা বিধানসভা সমষ্টি ক্ৰমে বিশ্বনাথ আৰু বিহালীৰ মুঠ ২৭২৬৬১ গৰাকী ভোটদাতাই তেজপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰুপণত নিৰ্ণায়ক ভূমিকা পালন কৰিব।

ভোটাৰসকলৰ ভিতৰত ১৩৯৯৪৮ গৰাকী পুৰুষ আৰু ১৩২৭১৩ গৰাকী মহিলা ভোটাৰ। মুঠ ৩৫২ টা ভোটকেন্দ্ৰৰ ১৯৮ টা বিশ্বনাথ সমষ্টিৰ আৰু ১৫৪ টা বিহালী সমষ্টিৰ অন্তৰ্গত।