চিকিৎসক আক্ৰমণত জড়িতসকলৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ দাবী চি আৰ ইউ (উত্তৰ পূৰ্বাঞ্চল)ৰ

bg

হোজাইৰ উদালি আদৰ্শ চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক মঙলবাৰে ৰোগীৰ আত্মীয়ই বৰ্বৰ ভাবে প্ৰহাৰ কৰা ঘটনাক উত্তৰ পূৰ্বাঞ্চলৰ মেডিকেল আৰু চেলছ্ ৰিপ্ৰেজেনটেটিভচৰ সংগঠন চেণ্টাৰ অৱ মেডিকেল এণ্ড চেলছ্ প্ৰেজেনটেটিভচ্ ইউনিয়নে (উত্তৰ পূৰ্বাঞ্চল) তীব্ৰ ভাষাৰে গৰিহণা দিছে।

চি আৰ ইউ ( উত্তৰ পূৰ্বাঞ্চল) ৰ সাধাৰণ সম্পাদক ৰাহুল পুৰকায়স্থই এক প্ৰেছ বাৰ্তাত ক’ভিড অতিমাৰীৰ সময়ত ৰোগীৰ চিকিৎসাত ব্ৰতী এগৰাকী চিকিৎসকক অমানৱীয় ভাবে প্ৰহাৰ কৰা ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক বুলি আখ্যা দি এই জটিল সময়ত প্ৰতি গৰাকী চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ কাষত সংগঠনটো ঠিয় হৈছে বুলি কয়।

লগতে দুৰ্ভাগ্যজনক ঘটনাৰ বলি হোৱা চিকিৎসক গৰাকীৰ আশু আৰোগ্যও কামনা কৰে ৷
সেইদৰে সংগঠনটোৱে অনতিপলমে দোষীক কৰায়ত্ত কৰাৰ লগতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰা, প্ৰতি গৰাকী চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে এনে ধৰণৰ ঘটনা নিৰ্মূল কৰিবলৈ চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনায় ৷

উল্লেখ্য যে বুধবাৰে এই দাবী সম্বলিত এখন স্মাৰক পত্ৰ চি আৰ ইউ ৰ প্ৰতিখন জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ স্বাস্থ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ইপিনে চিকিৎসকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত বুধবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়তো বহিঃ বিভাগ বন্ধ থাকে ৷