NORTHEAST NOW (Assamese)

আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে খাৰুৱা তেলৰ মূল্য : অথচ ভাৰতৰ অপৰিৱৰ্তিত হৈ আছে পেট্ৰল-ডিজেলৰ দাম

March 17, 2025 5:10 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতলৈ আমদানি কৰা খাৰুৱা তেলৰ গড় মূল্য প্ৰতি বেৰেলত ৭১.২০ ডলাৰলৈ হ্ৰাস পাইছে। অথচ ভাৰতত হ্ৰাস পোৱা নাই খাৰুৱা তেলৰ মূল্য।

চীনৰ অৰ্থনৈতিক মন্দাৱস্থা, মধ্যপ্ৰাচ্যত যুদ্ধবিৰতি, আমেৰিকাৰ তেল উৎপাদন বৃদ্ধিৰ বাবে ডনাল্ড ট্ৰাম্পৰ চেষ্টা আদিকে ধৰি কেইবাটঅ কাৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে অসংশোধিত খাৰুৱা তেলৰ মূল্য।

তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত ভাৰতৰ গড় আমদানি মূল্য ৪৪.৮২ ডলাৰ, যিটো ২০২২-২৩ বিত্তীয় বৰ্ষত ৯৩.১৫ ডলাৰলৈ বৃদ্ধি পাইছে। কিন্তু চলিত বিত্তীয় বৰ্ষৰ (২০২৫ চনৰ ১৫ মাৰ্চলৈকে) গড় মূল্য প্ৰতি বেৰেলত ৭৮.৪৯ ডলাৰলৈ হ্ৰাস পাইছে। ২০২২ চনৰ জুন মাহত এই মূল্য ১১৬.০১ ডলাৰৰ উচ্চতম স্তৰত উপনীত হয়।

বিশেষজ্ঞসকলৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালেও ভাৰতত খুচুৰা মূল্য একে হাৰত হ্ৰাস পোৱা নাই। এই ক্ষেত্ৰত পেট্ৰল-ডিজেলৰ খুচুৰা মূল্য সুস্থিৰ কৰি ৰখাত কেন্দ্ৰীয় চৰকাৰৰ কৰ নীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

উল্লেখ্য যে পেট্ৰল আৰু ডিজেলৰ ওপৰত উচ্চ কৰ চৰকাৰৰ বাবে ৰাজহৰ এক গুৰুত্বপূৰ্ণ উৎস। ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস পালেও দেশৰ জনতাই ইয়াৰ সুফল পোৱা নাই।

Related News