বিশ্বজুৰি চৰ্চিত কি এই ক্ৰিপ্ট’কাৰেন্সি ! চাওক বিশেষ প্ৰতিবেদন

Cryptocurrency

শেহতীয়াকৈ সঘনে উচ্চাৰিত এটা বিষয় হৈছে- ক্ৰিপ্ট’কাৰেন্সি। বিশ্বজুৰি এই বিষয়টোৱে চৰ্চা লাভ কৰি আছে। বিশেষকৈ যুৱ প্ৰজন্মই এই ক্ৰিপ্ট’কাৰেন্সিৰ প্ৰতি তীব্ৰ আকৰ্ষণবোধ কৰিছে। কিন্তু কি এই ক্ৰিপ্ট’কাৰেন্সি? চাও আহক এই সন্দৰ্ভত এখন বিশেষ প্ৰতিবেদন-

ক্ৰিপ্ট’কাৰেন্সি হৈছে এটা অৰ্থনৈতিক বিনিময়ৰ মাধ্যম। অৰ্থাৎ ৰুপী অথবা ডলাৰৰ দৰে এটা মূদ্ৰা। কিন্তু এই মূদ্ৰাবিধ হাতেৰে চুব নোৱাৰি, ই সম্পূৰ্ণ ইণ্টাৰনেটকেন্দ্ৰিক অৰ্থাৎ ডিজিটেল। ইয়াক ডিজিটেলী বিনিময় কৰা হয়। সূক্ষ্ম নিৰাপত্তা আৰু অতি গোপনীয়ভাৱে ইয়াক বিনিময় কৰা হয়।

যিহেতু crypto মানে গুপ্ত আৰু currency মানে টকা। সেয়ে ইয়াক অসমীয়াত গুপ্তধন হিচাপেও অভিহিত কৰিব পাৰি। ২০১৭ চনৰ পৰা বিশ্বজুৰি ইয়াৰ ব্যাপক ব্যৱহাৰ চলি আহিছে।

বিত্তীয় লেণদেনৰ ক্ষেত্ৰত ক্ৰিপ্ট’কাৰেন্সিক বৈপ্লৱিক বুলিব পাৰি। ইয়াৰ কাৰণ হৈছে ইমানদিনে বিত্তীয় লেন দেনৰ ক্ষেত্ৰত মূদ্ৰা ব্যৱহাৰ কৰি অহা হৈছে। প্ৰত্যেক দেশৰ মূদ্ৰা বিভিন্ন ধৰণৰ হয়। যেনে- ভাৰতীয় ৰূপী, মাৰ্কিন ডলাৰ, ইউৰোপৰ ইউৰো অথবা ব্ৰিটিছ পাউণ্ড। এইসমূহ লেন দেন কৰোতে গ্ৰাহক আৰু ক্ৰেতাৰ উপৰিও আন এটা পক্ষ তথা থাৰ্ড পাৰ্টিৰ উপস্থিতি চলি আহিছে। সেয়া হৈছে বেংক। বেংকে নিৰ্ধাৰণ কৰি দিয়ে যে লেনদেনত ব্যৱহাৰ হোৱা টকাখিনি বৈধ।

কিন্তু ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম। ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰকাৰীসকলেই হৈছে নিজা নিজা ডিজিটেল মূদ্ৰাৰ মালিক। বিত্তীয় লেন দেনৰ ক্ষেত্ৰত ক্ৰিপ্ট’কাৰেন্সি আদান-প্ৰদান কৰিবলৈ এটা নেটৱৰ্ক থাকে। ই সম্পূৰ্ণ ব্যক্তিগত আৰু সুৰক্ষিত। নিজৰ পৰিচয় গোপনে ৰাখিও এই লেনদেন কৰিব পৰা যায়। এই নেটৱৰ্ক অত্যন্ত জটিল।

ক্ৰিপ্ট’কাৰেন্সিৰ ওপৰত বিশেষজ্ঞসকলে বিশ্বৰ যিকোনো কোণত নিজা নিজা কম্পিউটাৰৰ দ্বাৰা এই বিত্তীয় লেন দেনসমূহৰ বৈধতা সূক্ষ্মভাৱে পৰীক্ষা কৰি থাকে। এই প্ৰক্ৰিয়াটোক মাইনিং বোলা হয়। বিশেষজ্ঞসকলক মাইনাৰ বোলা হয়।

সাধাৰণতে অনলাইনভাৱেই এই ক্ৰিপ্ট’কাৰেন্সিৰ লেন দেন কৰা হয়। অনলাইন শ্বপিঙৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এটা ক্ৰিপ্ট’কাৰেন্সিক সম্পত্তি বুলিও গণ্য কৰিব পাৰি। যিহেতু কোনো দেশৰ চৰকাৰে এই ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰ অথবা তৈয়াৰ নকৰে, সেয়ে এইসমূহৰ কোনো চৰকাৰী স্বীকৃতি নাই।

ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰত নেটৱৰ্কিংসমূহ সম্পূৰ্ণ সুৰক্ষিত বুলি কোৱা হৈছে যদিও আন কেতবোৰ বিষয়ো উত্থাপিত হৈছে। যেনে- যিহেতু ই কম্পিউটাৰৰ যোগেৰে লেন দেন হয়, সেয়ে হেকিং অথবা অন্যান্য ভাইৰাছৰ আক্ৰমণে কোনো ব্যৱহাৰকাৰীৰ সকলো তথ্য আৰু আৰ্থিক চুৰি হ’ব পাৰে।

বৰ্তমান বিশ্বজুৰি আটাইতকৈ বহুল প্ৰচাৰিত আৰু ব্যৱহৃত ক্ৰিপ্ট’কাৰেন্সিবিধ হৈছে বিটকইন। বিটকইনৰ পাছতে আছে ডগেকইন অথবা এথেৰিয়াম নামৰ ক্ৰিপ্ট’কাৰেন্সিসমূহ। বিটকইনৰ আৰম্ভণি হৈছিল ২০০৯ চনত। বৰ্তমান একোটা বিটকইনৰ মূল্য হৈছে ৬৮,৫১৫ ডলাৰ। ভাৰতীয় হিচাপত ৫১ লাখৰো অধিক।

আনহাতে, এটা ইথেৰিয়ামৰ বৰ্তমান ভাৰতীয় মূল্য হৈছে ৩ লাখৰো অধিক। উল্লেখযোগ্য যে এইসমূহৰ মূল্যৰ ক্ষেত্ৰত কোনো দেশৰ নিয়ন্ত্ৰণ নাথাকে।

উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানেও ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত অন্যতম হৈছে মাইক্ৰ’চফট, উইকিপিডিয়াকে ধৰি প্ৰায় ৩০ হাজাৰতকৈও অধিক প্ৰতিষ্ঠান।

বিভিন্ন এপৰ দ্বাৰা ক্ৰিপ্টকাৰেন্সিসমূহ বিনিময় কৰা হয়। ভাৰততো এনেধৰণৰ এপসমূহ উপলব্ধ হৈ আহিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে কইনডিচিএক্স (COINDCX)। এই কইনডিচিএক্স ২০১৮ চনত তৈয়াৰ কৰা হৈছিল। বৰ্তমানলৈকে এই এপৰ যোগে প্ৰায় ৩৫ লাখ লোকে বিনিয়োগ কৰিছে।

ইয়াৰ উপৰিও জেবপেই (ZEBPAY), ইউনকইন (UNOCOIN) কে ধৰি কেইবাটাও এপ আছে, যিসমূহত লাখ লাখ লোকে বিনিয়োগ কৰি আহিছে।

মূ্দ্ৰাৰ ক্ষেত্ৰত যিদৰে বিভিন্ন দেশৰ বিভিন্ন নীতি আছে, তেনেধৰণে ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰতো অনুৰূপ ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈ আহিছে। কোনো কোনো দেশত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে, আনহাতে কিছু দেশত কিছু চৰ্ত অনুযায়ী ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে। ইয়াৰ ভিতৰত অন্যতম দেশ হৈছে কানাডা।

কানাডাত ইয়াক এটা পণ্য হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে। এই অনুসৰি ক্ৰিপ্ট’কাৰেন্সিৰ ওপৰত টেক্স লগোৱা হয়। ইয়াৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, ইজৰায়েলৰ দৰে চহকী দেশসমূহতো ক্ৰিপ্ট’কাৰেন্সিৰ ওপৰত বিভিন্ন নীতি আছে।

পশ্চিমীয়া দেশসমূহত ক্ৰিপ্ট’কাৰেন্সি ব্যৱহাৰ হৈ আহিছে যদিও এছিয়া মহাদেশৰ বাংলাদেশত ২০১৪ চনত প্ৰথম বিটকইনৰ লেন দেন হয়। পাছত বাংলাদেশে বিটকইনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে।

ভাৰত চৰকাৰেও ক্ৰিপ্ট’কাৰেন্সিক লৈ ব্যষ্ট হৈ পৰা দেখা গৈছে। বৰ্তমানলৈকে ভাৰতত ক্ৰিপ্ট’কাৰেন্সি অবৈধ নহয়। কিন্তু ভাৰতৰ কেইবাজনো অৰ্থনীতিবিদে আশংকা প্ৰকাশ কৰিছে যে কোনো দুষ্টচক্ৰইও ইয়াক ব্যৱহাৰ কৰিব পাৰে। তদুপৰি ক’লা টকা বগা কৰাৰো ই এটা হাথিয়াৰ হ’ব পাৰি। এই অনুসৰি যোৱা ৩০ নৱেম্বৰত ৰাজ্যসভাত ক্ৰিপ্ট’কাৰেন্সি আৰু অফিচিয়েল ডিজিটেল কাৰেন্সি বিল ২০২১ৰ বিষয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বক্তব্য দাঙি ধৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱামতে, সংসদৰ শীতকালীন অধিৱেশনতে সম্পূৰ্ণ নতুন বিলখন উপস্থাপন কৰা হব। সম্প্ৰতি উক্ত বিলখনক লৈ ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে। প্ৰশ্ন উত্থাপন হৈছে- ভাৰত চৰকাৰে ক্ৰিপ্ট’কাৰেন্সি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেনেধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিব?