NORTHEAST NOW (Assamese)

যোৰহাটত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি

September 24, 2018 4:51 pm · স্মিতা ভট্টাটাৰ্য

বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ (Council of  Scientific and Industrial Research  চমুকৈ CSIR) ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাটৰ চিএছআইআৰ-বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰ পূৰ্বীয় প্ৰতিষ্ঠানেও (North East Institute of Science and Technology) অহা ২৬ ছেপ্টেম্বৰত এদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ প্ৰস্তুতি চলাইছে।

এই কাৰ্যসূচী উপলক্ষে চিএছআইআৰ-বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰ পূৰ্বীয় প্ৰতিষ্ঠানে  ইয়াৰ জে এন বৰুৱা সভাগৃহত এখন বিশেষ সভাৰ আয়োজন কৰিছে, য’ত মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া লিমিটেডৰ উত্তৰ-পূব ক্ষেত্ৰৰ মহা প্ৰৱন্ধক (মাইনিং) জে কে বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তেখেতে প্ৰতিষ্ঠা দিৱসৰ ভাষণ প্ৰদান কৰিব।
চিএছআইআৰ-বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰ পূৰ্বীয় প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডি ৰামায়াইয়ো সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব।

উল্লেখ্য যে ১৯৪২ চনত স্থাপিত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদ বৰ্তমান দেশৰ বিভিন্ন স্থানত স্থাপিত ৩৮টা গৱেষণাগাৰেৰে ভাৰতৰ এটা অগ্ৰগণ্য প্ৰতিষ্ঠানলৈ উন্নীত হৈছে।

এই বাৰ্ষিক অনুষ্ঠানটোত প্ৰযুক্তি বঁটা, কৰ্মচাৰীসকলক সম্বৰ্ধনা, গৱেষকসকলক বিশেষ ফেল’শ্বিপ, বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান ইত্যাদি কাৰ্যসূচী অন্তৰ্ভুক্ত আছে।

এই দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি দিনৰ ২-০০ বজাৰ পৰা ৪-৩০ বজালৈকে ‘মুকলি দিন’ পালন কৰা হ’ব। এই সময়ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে জনসাধাৰণেও প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰিব পাৰিব। এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিষ্ঠানটো ভ্ৰমণ কৰি ইয়াৰ বৈজ্ঞানিকসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ চিএছআইআৰ-বিজ্ঞান আৰু প্ৰযুক্তিৰ উত্তৰ পূৰ্বীয় প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণলৈ নিমন্ত্ৰণ জনাইছে।

Related News