গুৱাহাটীত বাহাল সান্ধ্য আইন; ডিব্ৰুগড়ত ৭ ঘণ্টালৈ শিথিল

assam-curfew

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদে অসমত চৰম ৰূপ ধাৰণ কৰাৰ সময়ত বিভিন্ন জিলাত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰিছিল।

আজি ডিব্ৰুগড় জিলাত জিলা প্ৰশাসনে ৰাতিপুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰি দিয়ে।

১১ ডিচেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত প্ৰশাসনে জাৰি কৰা সান্ধ্য আইন পৰিস্থিতিলৈ লক্ষ্য কৰি এতিয়ালৈ শিথিল কৰি দিয়া নায়।

ৰাজপথত সকলোধৰণৰ ৰাজহুৱা যান-বাহনৰ চলাচল বন্ধ আছে যাৰ ফলত সাধাৰণ মানুহে যথেষ্ট অসুবিধাৰ সন্মুখিত হ’বলগীয়া হৈছে।

আজিৰ পৰা গুৱাহাটীৰ পৰা চলিবলগীয়া সকলো ধৰণৰ ৰে’লৰ চলাচল বাতিল কৰা হৈছে।

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত শিল্পী সমাজৰ সহযোগত আজি গুৱাহাটীৰ চান্দমাৰিত ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈ ১০ ঘণ্টীয়া অনশন কাৰ্য্যসূচী আৰম্ভ হৈছে।

বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ কৰাৰ পাছতে বিধেয়কখন আইনত পৰিণত হয় তাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থা উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছে।