অনিৰ্দিষ্ট কালৰ বাবে ৰাজ্যত বন্ধ হ’ল Blue Dart কুৰিয়াৰ ছাৰ্ভিছ

প্ৰতিনিধিত্বমূলক ফটো

অনিৰ্দিষ্ট কালৰ বাবে ৰাজ্যত সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ অন্যতম কোৰিয়াৰ ছাৰ্ভিছ ব্লু-ডাৰ্ট (Blue Dart)এ। এক বিতৰ্কৰ বাবে আজিৰ পৰা অৰ্থাৎ ৪ জানুৱাৰিৰ পৰা Blue Dartএ অসমত নিজৰ সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছে।

শেহতীয়াকৈ Blue Dartৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত কৰ্মৰত ৮ জনকৈ কৰ্মচাৰীক চাকৰিৰ পৰা যোৱা ১৭ ডিচেম্বৰত বৰ্খাস্ত কৰে। ফলত উপায়হীন হৈ বৰ্খাস্ত হোৱা কৰ্মচাৰীকেইজনে মানৱ অধিকাৰ লগতে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৰ কাষ চাপে।

আজি মানৱ অধিকাৰ আৰু সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ হস্তক্ষেপতে অনিৰ্দিষ্ট কালৰ বাবে Blue Dart সেৱা ৰাজ্যত বন্ধ কৰি দিয়া হয়। বৰ্খাস্ত কৰা কৰ্মচাৰীকেইজনক পুনৰ চাকৰি ঘূৰাই নিদিয়া পৰ্যন্ত অসমত Blue Dartৰ সেৱা বন্ধ থাকিব বুলি সংগঠন দুটাৰ নেতৃবৰ্গই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে Blue Dart কুৰিয়াৰ ছাৰ্ভিছ ৰাজ্য তথা দেশৰ এটা অন্যতম কুৰিয়াৰ ছাৰ্ভিছ। ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাই আৰু মহাৰাষ্ট্ৰত আছে। আজিৰ পৰা ৩৬ বছৰ আগতে ১৯৮৩ চনত এই  Blue Dart কুৰিয়াৰ ছাৰ্ভিছ আৰম্ভ হৈছিল।