NORTHEAST NOW (Assamese)

চাইবাৰ প্ৰৱঞ্চকৰ জালত শিক্ষক-সাংবাদিক; ধন লুটিব নোৱাৰি হেক কৰিলে ম’বাইল নম্বৰ, তাৰপাছত…

April 10, 2021 10:00 am · ভার্গব হাজৰিকা
হেকাৰৰ কবলত পৰা শিক্ষক-সাংবাদিকগৰাকী। ফটো: নৰ্থইষ্ট নাও।

অনলাইন তথ্য প্ৰযুক্তিবিদ্যাৰ উত্তৰণে এফালে যদি মানৱ সমাজক দ্ৰুত গতিত আগবঢ়াই নিছে, ঠিক একেদৰে ইয়াৰ বিৰূপ প্ৰভাৱে ভাৰক্ৰান্ত কৰি আহিছে আমাৰ মাজৰেই বহু জন লোককো।

এনে এক আশ্চৰ্যজনক ঘটনা শুকুৰবাৰে নিশা সংঘটিত হ’ল নগাঁও জিলাৰ পুৰণিগুদামৰ এজন শিক্ষক তথা এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ ক্ষেত্ৰত।

চাইবাৰ প্ৰৱঞ্চকৰ জালত পৰি সামাজিকভাৱে অপদস্থ হ’ব লগীয়া এক পৰিস্থিতিৰ সৃষ্টি হ’ল পুৰণিগুদাম অঞ্চলৰ শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাস।

বিয়লি এটি বিশেষ নম্বৰৰ পৰা অহা এটা ফোন কলৰ জৰিয়তে বহিঃৰাজ্যৰ এক অসাধু চক্ৰই অতি চাতুৰালিৰে প্ৰথম অৱস্থাত কুলপ্ৰদীপ দাসৰ পৰা নিজা বেংক-একাউণ্টৰ একান্ত ব্যক্তিগত তথ্য তথা অ’.টি.পি. আহৰণ কৰাৰ চেষ্টা চলায়।

কিন্তু বহু সময় ধৰি অজ্ঞাত ব্যক্তি গৰাকীৰ সৈতে হোৱা বাৰ্তালাপৰ পিছতো দাসৰ পৰা বিশেষ তথ্য আহৰণ কৰিব নোৱাৰি পৰৱৰ্তী সময়ত তেওঁ ব্যৱহাৰ কৰি থকা ম’বাইল নম্বৰটোকে হেক্ কৰি সামাজিক মাধ্যমত অপব্যৱহাৰ কৰে হিন্দীভাষী অসাধু ব্যক্তি জনে।

হেকাৰ জনে দাসৰ ম’বাইলৰ হোৱাটচএপ নম্বৰৰ জৰিয়তে একাধিক অশ্লীল আলোকচিত্ৰ বিভিন্ন সামাজিক মাধ্যমত তথা হোৱাটচএপ গ্ৰুপত আপলোড কৰি শিক্ষক তথা সাংবাদিকজনক নিশাৰ ভাগত ব্যতিব্যস্ত কৰি তোলে।

অৱশ্যে বহুজন সতীৰ্থ, সহকৰ্মী তথা শুভাকাংক্ষীয়ে সামাজিক মাধ্যমত দাসৰ একাউণ্টৰ পৰা আপত্তিজনক ছবি সমূহ আপলোড হোৱা দৃষ্টিগোচৰ কৰি ততাতৈয়াকৈ অৱগত কৰোতেহে সমগ্ৰ কাণ্ডৰ বিষয়ে কুলপ্ৰদীপ দাসে জানিব পাৰে বুলি সদৰি দিয়ে সংবাদ মাধ্যমক।

শেষত উপায়হীন হৈ কুলপ্ৰদীপ দাসে সমগ্ৰ প্ৰৱঞ্চনা কাণ্ডৰ সন্দৰ্ভত উচিত তদন্তৰ আহ্বান জনাই পুৰণিগুদাম আৰক্ষী পহৰা চকীত এটি গোচৰ ৰুজু কৰাত আৰক্ষীয়েও ঘটনাৰ সন্দৰ্ভত প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰা পৰিলক্ষিত হয়।

Related News