বৰ্ধিত শক্তিৰে ক্ৰমশ পশ্চিমবংগ অভিমুখে ঘূৰ্ণিবতাহ ‘বুলবুল’; অসমতো প্ৰভাৱ পৰাৰ আশংকা

Cyclone Bulbul

সামুদ্ৰিক ঘূৰ্ণিবতাহ 'বুলবুল'

প্ৰতিমুহুৰ্তত গতিপথ সলনি কৰি পশ্চিমবংগ অভিমুখে আগবাঢ়িছে সামুদ্ৰিক ঘূৰ্ণিবতাহ ‘বুলবুল’।

বৃহস্পতিবাৰে সন্ধিয়া কলকাতা চহৰৰ পৰা মাত্ৰ ৭৫০ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিছিল বুলবুলে।

যদিহে গতিপথ সলনি নহয় তেন্তে শনিবাৰে যিকোনো সময়ত ‘বুলবুল’ বাংলাদেশ উপকূলৰ ওপৰেৰে পাৰ হৈ আহি পশ্চিমবংগত প্ৰবেশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

আনহাতে, সামুদ্ৰিক ঘূৰ্ণিবতাহ ‘বুলবুল’ক কেন্দ্ৰ কৰি ইয়াৰ প্ৰভাৱ পৰিবলগীয়া পশ্চিমবংগৰ জিলাসমূহৰ প্ৰশাসনক সতৰ্ক কৰি দিয়া হৈছে।

ঘণ্টাত ১১৫-১৩০ কিলোমিটাৰ গতিবেগত আহি থকা ঘূৰ্ণিবতাহৰ প্ৰকোপত পশ্চিমবংগত বিস্তৰ ক্ষতিৰ লগতে প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, সামুদ্ৰিক ঘূৰ্ণিবতাহ বুলবুলৰ প্ৰভাৱ পশ্চিমবংগৰ লগতে ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্য ওড়িশা আৰু অসমতো পৰাৰ সম্ভাৱনা আছে।

বুলবুলৰ প্ৰভাৱত শনিবাৰৰ পৰা অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে সোম-মংগলবাৰ পৰ্যন্ত বৃষ্টিপাত হ’ব বুলি ধাৰণা কৰা হৈছে।