পৰীক্ষাত অৱতীৰ্ণ হৈয়ো ফলাফল নাপালে ডি এল এড পৰীক্ষাৰ্থীয়ে : উত্তপ্ত বিহালী মহাবিদ্যালয়

dc-Cover-mta75v8fn2bl1vui881261bi12-20180216011634.Medi

কেন্দ্ৰীয় ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা ডি এল এড পৰীক্ষাৰ ফলাফলত চুড়ান্ত  বিসংগতি ধৰা পৰিছে বিশ্বনাথত ৷ বিশ্বনাথৰ বিহালী মহাবিদ্যালয়ত ফলাফলক লৈ তীব্ৰ  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

শনিবাৰে হঠাৎ উত্তপ্ত হৈ পৰে বিশ্বনাথৰ বিহালী মহাবিদ্যালয় ৷ যোৱা জুন মাহত  NIOS ৰ অধীনত অনুস্থিত হোৱা ডি এল এড পৰীক্ষাৰ ফলাফল শুকুৰবাৰে নিশা অনলাইন যোগে প্ৰকাশ হৈছিল। কিন্তু ফলাফল প্ৰকাশ হোৱাৰ পিছতে বিহালী মহাবিদ্যালয়ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

জানিব পৰা মতে পৰীক্ষাৰ্থী সকলৰ ফলাফলত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উঠিছে। ইফালে NIOS ৰ বিৰুদ্ধে  ভয়ংকৰ গাফিলতিৰ সন্দেহ প্ৰকাশ কৰিছে পৰীক্ষাৰ্থীয়ে। উল্লেখযোগ্য যে পৰীক্ষাৰ ফলাফলত বিহালী মহাবিদ্যালয়ৰ ২ নং কোঠাত অৱতীৰ্ণ হোৱা প্ৰায় ১৫০ জনৰো অধিক পৰীক্ষাৰ্থী ফলাফলত তিনিটা বিষয়ৰ পৰীক্ষাৰ এটা বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো মাৰ্কশ্বিটত অনুপস্থিত বুলি অহাত পৰীক্ষাৰ্থী সকলৰ বিহালী মহাবিদ্যালয় কৰ্তৃপক্ষৰ মাজত এক উত্তপ্ত বাক-বিতণ্ডাৰ সৃষ্টি হয়।

আনহাতে,পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ফলাফল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো মাৰ্কশ্বিটত কি কাৰণে অনুপস্থিত হোৱা দেখুৱালে তাক লৈ মহাবিদ্যালয় আৰু পৰীক্ষাৰ্থীসকলৰ  মাজত এখনি সভা অনুষ্ঠিত হয়। অৱতীৰ্ণ হোৱা প্ৰায়  ৫০০ পৰীক্ষাৰ্থীৰ ভিতৰতে প্ৰায় ১৫০ জন পৰীক্ষাৰ্থীৰ মাৰ্কশ্বিটতহে এই বিসংগতি হৈছে ৷

ইপিনে NIOS কৰ্তৃপক্ষৰ গাফিলতিৰ ফলতে এনে কাণ্ড হোৱা বুলি অভিযোগ কৰে পৰীক্ষাৰ্থীসকলে ৷ এতিয়া প্ৰশ্ন হৈছে যি সময়ত শিক্ষা বিভাগে ২০১৯ চনৰ ভিতৰত চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ প্ৰতিজন শিক্ষকৰ বাবে ডি এল এড উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক বুলি নিৰ্দেশনা জাৰি কৰিছে সেই সময়তে বিভিন্ন বিদ্যালয়ত কৰ্মৰত এইসকল পৰীক্ষাৰ্থীৰূপী শিক্ষকৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে এক জটিল প্ৰশ্ন চিহ্নৰ ৷