সলনি হ’ল টকা উলিওৱাৰ নিয়ম—চাওক কি কি সাৱধানতা ল’ব লাগিব আপুনি

sbi ATM SBI to eliminate Debit Cards

প্ৰতীকী ফাইল ছবি।

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বেলেগ বেলেগ দেবিট কাৰ্দৰ যোগেদি দৈনিক উলিয়াব পৰা সৰ্বাধিক ধনৰাশি বেলেগ বেলেগ।

মাহে নিৰ্দিষ্ট সংখ্যকবাৰৰ বাবে বিনা মাচুলে এছ বি আয়ে ধন উলিয়াবলৈ দিয়ে।

এছ বি আইৰ নতুন নিৰ্দেশনা অনুসৰি অহা ১ অক্তোবৰৰ পৰা ধন কম থকাৰ বাবে লেনদেন বিফল হ’লে আৰু কাৰ্দলেছ কেশ্বৰ ক্ষেত্ৰত গ্ৰাহকে মাচুল দিব লাগিব।

এ টি এমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত এছ বি আইৰ বিভিন্ন দেবিট কাৰ্দত থকা সীমাসমূহ দিয়া হৈছে।

ক্লাছিক আৰু মেস্ত্ৰ’ দেবিট কাৰ্দ: আটাইতকৈ জনপ্ৰিয় এই কাৰ্দৰ যোগেদি ন্যূনতম ১০০ৰ পৰা সৰ্বাধিক ২০হাজাৰ টকালৈকে ধন উলিয়াব পাৰি।

গ্লোবেল ইণ্টাৰনেচনেল দেবিট কাৰ্দ: গ্লোবেল ইণ্টাৰনেচনেল দেবিট কাৰ্দৰ জৰিয়তে বিশ্বৰ চুকে-কোণে ধন উলিয়াব পাৰি। ধন উলিওৱাৰ ন্যূনতম সীমা ১০০টকা আৰু উচ্চতম সীমা ৪০হাজাৰ টকা।

গোল্ড ইণ্টাৰনেচনেল দেবিট কাৰ্দ: ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত ধন উলিয়াব পাৰি।

কাৰ্দখনৰ ধন উলিওৱাৰ সীমা ১০০টকাৰ পৰা ৫০হাজাৰ টকা।

প্লেটিনাম ইণ্টাৰনেচনেল দেবিট কাৰ্দ: প্লেটিনাম কাৰ্দ সকলোতকৈ ওপৰৰ কাৰ্দ। ভাৰত আৰু বিশ্বত ব্যৱহাৰ কৰিব পাৰি।

এ টি এমত ধন উলিওৱাৰ সীমা ১০০টকাৰ পৰা ১লাখ টকা।