NORTHEAST NOW (Assamese)

ক’ভিড যুদ্ধক শক্তিশালী কৰিবলৈ পিএম কেয়াৰছ ফাণ্ডলৈ বৰঙনি আগবঢ়ালে দালাই লামাই

April 27, 2021 6:08 pm · এন ই নাও নিউজ

তিব্বতৰ আধ্যাত্মিক গুৰু দালাই লামাই মঙলবাৰে ঘোষণা কৰে যে তেওঁ পিএম কেয়াৰছ ফাণ্ডলৈ এক বৰঙনি আগবঢ়াইছে।

ভাৰতৰ সংকটজনক ক’ভিড পৰিস্থিতিৰ বাবে এই বৰঙনি আগঢ়োৱা হৈছে।

তেওঁৰ ‘দালাই লামা ট্ৰাষ্ট’ৰ দ্বাৰা এই বৰঙনি আগবঢ়োৱা হৈছে বুলি তেওঁ এটা বিবৃত্তিত কয়।

ভাৰতৰ ভাতৃ-ভগ্নীসকলে তীব্বতী লোকসকলৰ সহযোগিতাৰ নিদৰ্শন হিচাপে এই বৰঙনি আগবঢ়োৱা হৈছে বুলি তেওঁ কয়।

এইক্ষেত্ৰত আধ্যাত্মিক গুৰুজনে ফ্ৰণ্টলাইন কৰ্মী তথা স্বাস্থ্যকৰ্মীসকলৰ শলাগ লয়।

”মই প্ৰাৰ্থনা কৰিছো যে মহামাৰিৰ ভাবুকি অতি সোনকালেই যাতে শেষ হয়।”- তেওঁ কয়।

Related News