আৰ্থিক অনাটনৰ বাবে হঠাৎ টকাৰ প্ৰয়োজন হৈ পৰা চিনাকি লোক এজনৰ পৰা ১৫০০ টকা ধাৰলৈ লৈছিল। সুত সহ টকাখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেইমতে টকাখিনি তেওঁ কেইমাহমানৰ ভিতৰতে পৰিশোধ কৰিও দিছিল। কিন্তু এয়া কি, সুত যে শেষেই নহয়! সুতৰ সৈতে ঋণ পৰিশোধ কৰাৰ পিছতো বাৰে বাৰে টকাৰ বাবে চাপ দিয়া হৈছিল।
সেই ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবে এগৰাকী দলিত মহিলাক নৃশংসভাৱে নিৰ্যাতন কৰা হ’ল। সকলোৰে সন্মুখত তেওঁক বলপূৰ্বকভাৱে উলংগ কৰি প্ৰহাৰ কৰা হ’ল, আনকি অভিযুক্ত পিতৃ-পুত্ৰৰ প্ৰস্ৰাৱ পান কৰিবলৈও বাধ্য কৰা হ’ল। বিহাৰৰ পাটনাত সংঘটিত হৈছে এই জঘণ্য ঘটনা।
লগতে পঢ়ক: ক্লিনিকত গোটেই নিশা চলিছিল এচি; অত্যধিক ঠাণ্ডাত মৃত্যু ২ নৱজাতকৰ
আৰক্ষীয়ে জনোৱা মতে, গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা সংকটজনক।
আনহাতে, ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। ন্যায়ৰ বাবে দলিত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত দুজন। তেওঁলোকক বিচাৰি তালাচী অভিযান আৰম্ভ কৰা হৈছে।
জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১০ বজাত অভিযুক্ত প্ৰমোদ সিং আৰু তেওঁৰ পুত্ৰ অংশু দলিত মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে। তেওঁলোকৰ লগত আৰু চাৰিজন লোক আছিল। অভিযুক্তসকলে বলপূৰ্বকভাৱে মহিলাগৰাকীক তেওঁলোকৰ ঘৰলৈ লৈ আহে। তাত তেওঁক তীব্ৰ নিৰ্যাতন চলোৱা হয়।
লগতে পঢ়ক: গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ
তেওঁলোকে বলপূৰ্বক কাপোৰ খুলি মহিলাগৰাকীক লাঠিৰে প্ৰহাৰ কৰিছিল। ইয়াৰ পিছতে প্ৰমোদ সিঙে পুত্ৰ অংশুক মহিলাগৰাকীৰ মুখত প্ৰস্ৰাৱ কৰিবলৈ নিৰ্দেশ দিয়ে। পিছত মহিলাগৰাকী কেনেবাকৈ তাৰ পৰা পলাই ঘৰ পায়।
মহিলাগৰাকীয়ে পৰিয়ালৰ সদস্যক লগত লৈ গৈ আৰক্ষীক অভিযোগ দিয়ে। অভিযোগত তেওঁ কয় যে কিছু মাহ পূৰ্বে তেওঁ প্ৰমোদৰ পৰা ১৫০০ টকা ধাৰ লৈছিল। সুত সহ টকাখিনি ঘূৰাইও দিলে। কিন্তু তাৰপিছতো অভিযুক্ত ক্ষান্ত নহ’ল। মহিলাগৰাকীক আৰু টকা বিচাৰি হেঁচা দিয়ে। ভুক্তভোগী মহিলাগৰাকীয়ে ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবে অভিযুক্তই তেওঁক নগ্ন কৰি গাঁৱত ঘূৰাই ফুৰোৱাৰ ভাবুকিও দিয়ে।
লগতে পঢ়ক: ১২০ কোটি মাইল দূৰৰ গ্ৰহাণুৰ পৰা ২৫০ গ্ৰাম ধূলি-শিল লৈ পৃথিৱীলৈ উভতি আহিল নাছাৰ মহাকাশযান
দলিত মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁ এই বিষয়ে পূৰ্বে আৰক্ষীক খবৰ দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ঘটনাৰ পিছৰে পৰা অভিযুক্ত পিতৃ-পুত্ৰ পলাতক হৈ আছে। তেওঁলোকৰ সন্ধানত অভিযান চলি আছে।