NORTHEAST NOW (Assamese)

ভগ্নীক নিৰ্যাতনৰ গোচৰ প্ৰত্যাহাৰ নকৰাত দলিত যুৱকক মৰিয়াই হত্যা; মাতৃকো বিবস্ত্ৰা কৰাৰ অভিযোগ

August 28, 2023 11:17 am · এন ই নাও নিউজ, নতুন দিল্লী
প্রতিনিধিত্বমূলক ফটো।

এগৰাকী দলিত যুৱকক মৰিয়াই হত্যা কৰাৰ অভিযোগ উঠিছে মধ্যপ্ৰদেশত। পুত্ৰক বচাবলৈ যোৱা যুৱকজনকৰ মাতৃকো বিবস্ত্ৰা কৰা হৈছিল বুলি স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

দেওবাৰে মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত হয় এই ঘটনা। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৯ গৰাকী মূল অভিযুক্তৰ বিৰুদ্ধে থানাত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে ৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়ক: ইতিহাসত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত মাটিৰ উষ্ণতা পৰীক্ষা কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

আৰক্ষীৰ সূত্ৰ অনুসৰি, দলিত যুৱকজনৰ ১৮ বছৰীয়া ভগ্নীয়ে ২০১৯ চনত কেইবাজনো লোকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। এই সন্দৰ্ভত আদালতত গোচৰ চলিছিল। যুৱকজনৰ মাতৃয়ে দাবী কৰিছে যে তেতিয়াৰ পৰাই তেওঁলোকৰ পৰিয়ালক গোচৰটো প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিয়া হৈছে।

মহিলাগৰাকীয়ে দাবী কৰা মতে, দেওবাৰে একাংশ লোকে তেওঁলোকৰ ঘৰলৈ গৈ পুত্ৰক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয়,”মোৰ চকুৰ সন্মুখতে ল’ৰাটোক মৰিয়াই হত্যা কৰিছিল।মই যেতিয়া তাক বচাবলৈ চেষ্টা কৰিলোঁ, তেতিয়া তেওঁলোকে মোৰ শাৰী টানি খুলি দিলে। মোৰ ছোৱালীজনীকো মাৰপিটৰ পৰা ৰেহাই দিয়া নহ’ল। আমাৰ ঘৰত সোমাই সকলো ধ্বংস কৰি পেলাইছে।‘’

মহিলাগৰাকীয়েও কয়, “মোৰ ল’ৰাটোক ৰক্ষা কৰিব পৰা নগ’ল। পিছত খবৰ পাই আৰক্ষী আহিছিল। সেই অৱস্থাতে মোক দেখি এখন গামোচা দিয়া হৈছিল। সেই গামোচাখন মেৰিয়াই লৈ মই অলপ দেৰি থিয় হৈ আছিলো। পিছত কোনোবাই শাৰী এখন আনি দিলে।”

লগতে পঢ়ক: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক; ইতিহাস গঢ়িলে নীৰজ চোপ্ৰাই

বিৰোধী দলপতি তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দলিত আৰু জনজাতীয় জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ চলোৱাৰ বাবে বিজেপি চৰকাৰৰ পিনে আঙুলি টোৱাইছে। আনহাতে, বিজেপিৰ দাবী যে এই ঘটনাৰ পিছত কংগ্ৰেছ মৌন হৈ বহি আছিল। যি ব্যৱস্থা ল’ব লগা আছে সেয়া বিজেপিয়ে কৰিছে। 

Related News