পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

VideoCapture_20210419-191438

নগাঁও জিলাৰ পুৰণিগুদামত ২০১৫ চনত স্থাপিত “অংগাভিনয় অসম”এ বিগত কালছোৱাত বৃহত্তৰ অঞ্চলটোত এদল নৱপ্ৰজন্মৰ শিল্পীৰ সৃষ্টিত অৰিহণা যোগাই আহিছে।

স্থাপিত হোৱাৰ দিন ধৰি অংগাভিনয় অসম নামৰ সাংস্কৃতিক অনুষ্ঠানটোৱে আধুনিক নৃত্য, সত্ৰীয়া নৃত্য আৰু যোগাসনক আধাৰ হিচাপে লৈ আৰম্ভ কৰা নৃত্যানুষ্ঠানটোৱে যোৱা ২৫ মাৰ্চৰ পৰা ১৭ এপ্ৰিললৈ বিহুসুৰীয়া আধুনিক নৃত্য আৰু বিহু নৃত্যৰ এক কৰ্মশালা অনুষ্ঠিত কৰে।

এই কৰ্মশালাৰ অন্তত যোৱা কালি সন্ধ্যা ৭ বজাৰ পৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক এক সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। অংগাভিনয় অসমৰ ছাত্ৰ-ছাত্ৰী সকলে অতি সুন্দৰ ভাৱে ৰূপায়ন কৰা এই অনুষ্ঠানটিত অভিভাৱক সকলৰ লগতে একাংশ স্থানীয় সংস্কৃতিবান লোকে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, অংগাভিনয়ৰ এই ছাত্ৰ-ছাত্ৰী সকলে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত যোৱা ১৫ এপ্ৰিলত অনুষ্ঠিত “বাটৰ বিহু” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত ভাগলৈ এক বিশেষ নৃত্যাভিনয়ৰ পৰিবেশন কৰিছিল।

যাৰ বাবে পুৰণিগুদাম প্ৰেছ ক্লাৱে ২৫ গৰাকী অংগাভিনয়ৰ ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰে পুৰণিগুদামৰ পাৰঘাটত অনুষ্ঠিত অংগাভিনয়ৰ অনুষ্ঠানটিত।

এই মানপত্ৰ বিতৰণ অনুষ্ঠানত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকী, কাৰ্যকৰী সভাপতি ভাৰ্গব হাজৰিকাৰ লগতে আন তিনিজন বিষয়ববীয়া ক্ৰমে শ্যামেন্দ্ৰ বৈৰাগী, অভিজিৎ বৰা আৰু দীপাংকৰ ভৰদ্বাজ উপস্থিত থাকে।

অংগাভিনয় অসমৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে অংগাভিনয় অসমৰ পৰিচালক পল্লৱ কলিতা আৰু মূখ্য প্ৰশিক্ষিকা বনশ্ৰী শৰ্মাই প্ৰশিক্ষক ৰাকেশ কুমাৰ বৰা, বন্দনা কৌশিক, ত্ৰিদিশা কলিতা, প্ৰগতি বৰুৱা আৰু চন্দনা বৰাক একোখনকৈ বিহুৱানেৰে আদৰণি জনায়।

প্ৰায় সহস্ৰাধিক দৰ্শকৰ সমাবেশ হোৱা অনুষ্ঠানৰ শেষত অভিভাৱক সকলৰ সহযোগত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে একোখনকৈ মানপত্ৰ প্ৰদান কৰে অংগাভিনয় অসমেও।