NORTHEAST NOW (Assamese)

সাংবাদিক ডানিছ চিদ্দিকীৰ মৃত্যুত যোৰহাট জিলা সাংবাদিক সন্থা ,দক্ষিণ যোৰহাট প্ৰেছ ক্লাৱৰ শোক

July 18, 2021 7:09 pm · নিৰ্মলেন্দু পাঠক
Updated: July 18, 2021 7:10 pm

তালিবান সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা আফগানিস্তানত কৰ্মৰত ভাৰতীয় সাংবাদিক ডানিছ চিদ্দিকীৰ মৃত্যুত যোৰহাট জিলা সাংবাদিক সন্হা আৰু দক্ষিণ যোৰহাট প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোক বাৰ্তাত যোৰহাট জিলা সাংবাদিক সন্হাৰ সভাপতি ৰামপ্ৰসাদ ফুকন , সম্পাদক মৃদুল হাজৰিকা তথা দক্ষিণ যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি বিৰাজ বৰগোহাঁই আৰু সম্পাদক নৱজ্যোতি তামুলীয়ে সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দি ই সমগ্ৰ বিশ্ববাসীয়ে সন্মুখীন হোৱা এক ভয়ানক সমস্যা বুলি কোৱা হয়।

উল্লেখনীয় যে প্ৰয়াত ফটো সাংবাদিক চিদ্দিকী সংবাদ প্ৰতিষ্ঠান ৰয়টাৰৰ হৈ কৰ্মৰত আছিল।

১৬ জুলাইত আফগানিস্তানৰ কান্দাহাৰৰ স্পিন বলডাক জিলাত আফগানৰ ওপৰত তালিবানী সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ ফটো সংগ্ৰহৰ সময়তে তালিবানৰ আক্ৰমণত ভাৰতীয় সাংবাদিকজনে মৃত্যুবৰণ কৰে।

তেওঁ পুলিৎজাৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। সাংবাদিক সন্হা আৰু প্ৰেছ ক্লাৱে চিদ্দিকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Related News