সুদীৰ্ঘ ৪৮ ঘণ্টাৰ পাছত সুচল হ’ল ডিমা হাছাওৰ ডাওট’হাজা-ফাইদিং ৰে’লপথ

20180926_170611

দীৰ্ঘ ৪৮ ঘন্টাৰ পাছত ডিমা হাচাও জিলাৰ ডাওট’হাজা-ফাইদিঙ পাহাৰ ৰেলপথ যাতায়াতৰ বাবে মুকলি হৈছে। এই ৰেলপথেৰে মালবাহী ৰেলৰ চলাচল আৰম্ভ হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এটা সুত্ৰৰ মতে আজি নিশাৰ ভিতৰত যাত্ৰীবাহী ট্ৰেন চলোৱাৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

যোৱা সোমবাৰে পাহাৰীয়া জিলাৰ ডাওট’হাজা আৰু ফাইদিঙৰ মাজত বদৰপুৰ অভিমুখে যোৱা সাৰ ভৰ্তি এখন মালবাহী ৰে’লগাড়ীৰ ২০টা দবা লাইনচ্যুত হৈছিল। যদিও কোনো লোক হতাহত হোৱা নাছিল তথাপি দুৰ্ঘটনাটো ডাঙৰ আছিল। ৰে’লখন লাইনৰ পৰা বাগৰি পৰাৰ ফলত ৰে’লপথৰ বিস্তৰ ক্ষতি হয়। লাইনৰ পৰা বাগৰি পৰা দবা উঠাবলৈ গুৱাহাটী, লামডিং আৰু বদৰপুৰৰ পৰা মুঠ চাৰিখন উচ্চ ক্ষমতা সম্পন্ন ক্ৰেইন অনা হয়।

সোমবাৰে দিনৰ প্ৰায় ২-০০ বজাৰ পৰা দিনেই নিশাই একে লেঠাৰিয়ে কাম কৰি ডবাসমূহ ৰে’লপথত তোলা হয়। দিনে নিশাই চলা কামৰ ফলত আজি দিনৰ প্ৰায় ১২-০০ বজাত ৰেলপথ সুচল কৰি তোলা  হয়।

ইয়াৰ পাছত ৰে’লৱেৰ বিভাগীয় কৰ্মকৰ্তাসকলে ৰে’লপথ পৰিদৰ্শন কৰি ৰে’লপথটোক প্ৰমাণপত্ৰ প্ৰদান কৰাৰ পাছত আৰম্ভ হয় ৰে’ল চলাচল।

জানিব পৰামতে শিলচৰৰ পৰা গুৱাহাটীৰ উদ্দেশ্যে যাত্ৰা কৰাৰ বাবে সাজু হৈ আছে এখন যাত্ৰীবাহী ৰেল। কিন্তু এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে যাত্ৰী ৰেলখন চলা নাই।

অবশ্যে ৰেল কৰ্ত্তৃপক্ষই আজিৰ তাৰিখলৈকে ভালেমান যাত্ৰীবাহী ৰে’লৰ চলাচল বাতিল কৰিছিল। কিন্তু ৰে’লপথ সুচল হোৱাৰ ফলত যাত্ৰীৰ সমস্যা দূৰ কৰাৰ লক্ষ্যৰে তৎকালীনভাবে যাত্ৰীবাহী ৰে’ল চলাচল কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।