দহটকীয়া দলিল এশটকাত বিক্ৰী ; ৭ জনকৈ ভেণ্ডৰৰ অনুজ্ঞাপত্ৰ বাতিল

আদালতৰ বিভিন্ন ন্যায়িক কাম-কাজৰ বাবে সততে ব্যৱহৃত চৰকাৰী দলিল আৰু টিকটৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি এচাম ষ্টাম্প ভেণ্ডৰে নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত বিক্ৰী কৰি আহিছে। শেহতীয়াকৈ এই অসাধু চক্ৰৰ বিৰুদ্ধে দৰং জিলা প্ৰশাসন সৰৱ হৈ পৰিছে।

প্ৰাপ্ত তথ্য মতে দহটকীয়া দলিল কৃত্ৰিম নাটনি দেখুৱাই মঙলদৈ আদালতত এই অসাধু চক্ৰটোৱে আজি কিছুদিন ধৰি সাধাৰণ গ্ৰাহকৰ পৰা এশ টকালৈকে অবৈধভাৱে সংগ্ৰহ কৰি আহিছে।

ফলত মঙলদৈ উকীল সন্থা, মঙলদৈ মিডিয়া চাৰ্কোলকে ধৰি স্থানীয় কেবাটাও ৰাজহুৱা সংগঠনে এই বিষয় সন্দৰ্ভত উপায়ুক্ত অশোক কুমাৰ বৰ্মনক অভিযোগ দিয়ে।

পিছত উপায়ুক্ত গৰাকীয়ে এই অভিযোগৰ ভিত্তিতে অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তীক ঘটনা সন্দৰ্ভত তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আৰু উপায়ুক্ত গৰাকীৰ নিৰ্দেশ অনুসৰি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে মঙলদৈ আদালতত অতৰ্কিতে অভিযান চলাই মুঠ ২১ জন অনুজ্ঞা পত্ৰধাৰী ভেণ্ডৰৰ মাজৰে ৭ জন ভেণ্ডৰে চৰকাৰী নীতি-নিয়ম উলংঘা কৰি দলিল বিক্ৰী কৰি অহাৰ কথা ধৰা পেলায়।

তদন্তকাৰী কাৰ্যবাহী দণ্ডাধীশৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত উপায়ুক্ত বৰ্মনে তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ দুৰ্নীতিগ্ৰস্ত এই সাতজন ষ্টাম্প ভেণ্ডৰৰ চৰকাৰী অনুজ্ঞাপত্ৰ বাতিল কৰে।

অনুজ্ঞাপত্ৰ বাতিল কৰা ভেণ্ডৰ কেইজন ক্ৰমে জাকিৰ হুছেইন, ভবানন্দ শৰ্মা, হজৰত আলী, যাদৱ শইকীয়া, মনোৱাৰ হুছেইন, আবিদুৰ ৰহমান আৰু হাছেম আলী বুলি জানিব পৰা গৈছে।