COVID 19-ত আক্ৰান্ত দাৰ্জিলিঙৰ ৪৪ বছৰীয়া মহিলাৰ মৃত্যু

Death in times of COVID 19 – Is India prepared to tackle mass casualty?

প্ৰতিনিধিত্বমূলক ছবি

আজি পুৱা এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পিছতে পশ্চিমবংগত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়।

মৃত্যু হোৱা ৪৪ বছৰীয়া মহিলা গৰাকীৰ ঘৰ দাৰ্জিলিঙৰ কালিমপঙত।

শিলিগুৰিস্থিত উত্তৰবংগ চিকিৎসা মহাবিদ্যালয় হস্পিতালত তেওঁ ভৰ্তি হৈ আছিল। শনিবাৰে আৱেলি মহিলাগৰাকী COVID 19-ত আক্ৰান্ত হৈ থকাৰ কথা ধৰা পৰে।

জানিব পৰা মতে মহিলাগৰাকীয়ে অলপতে তেওঁৰ জীয়েকৰ চিকিৎসাৰ উদ্দেশ্যে চেন্নাইলৈ গৈছিল। যোৱা ২০ মাৰ্চত শুকান কাহ আহি থকাৰ বাবে তেওঁক স্থানীয় চিকিৎসকৰ ওচৰলৈ নিয়া হৈছিল বুলি পৰিয়ালৰ লোকে জনায়।

কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত প্ৰায় এসপ্তাহ পূৰ্বে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। উক্ত লোকজনে নিজ পৰিয়ালসহ ইটালিৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল।

ইয়াৰ পূৰ্বে যোৱা ২৩ মাৰ্চত পশ্চিমবংগৰ কলকাতাত এগৰাকী ৫৫ বছৰীয়া লোকৰ মৃত্যু হৈছিল। ৰাজ্যখনত এই পৰ্যন্ত ২০ গৰাকী ব্যক্তি COVID 19-ত আক্ৰান্ত হৈছে। ইফালে সমগ্ৰ দেশত এতিয়ালকৈ ১০৭১ গৰাকী ব্যক্তি COVID 19-ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২৯ জনৰ মৃত্যু হৈছে।