দৰং আৰক্ষী আৰু মঙলদৈ টেৰিটৰিয়েল ফৰেষ্ট বীট অফিচৰ বনকৰ্মীৰ অভিযানত অবৈধ কাঠফলা কল জব্দ

IMG-20180906-WA0017

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত দৰং আৰক্ষী আৰু মঙলদৈ টেৰিটৰিয়েল ফৰেষ্ট বীট অফিচৰ বনকৰ্মীৰ এটা যুটীয়া গোটে অভিযান চলাই মাত্ৰ ৫ কি:মি: ব্যসাৰ্ধৰ ভিতৰত থকা দুটা অবৈধ যন্ত্ৰচালিত কাঠফলা কল জব্দ কৰে।

দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে জনাইছে যে দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিলবাৰী আৰু কৌপাতী গাঁৱত অভিযান চলাই আৰক্ষী আৰু বনকৰ্মীৰ যুটীয়া অভিযানকাৰী গোটটোৱে অবৈধ কাঠফলা কলদুটা জব্দ কৰে।

অভিযানকাৰী গোটটোৱে যন্ত্ৰচালিত কাঠফলা কল, বৈদ্যুতিক জেনেৰেটৰ ইত্যাদি জব্দ কৰে যদিও দুয়োটা কাঠফলা কলৰ মালিকক আটক কৰিবলৈ অভিযানকাৰী দলটো সক্ষম নহ’ল। অভিযানকাৰী দলটো অহাৰ আগতীয়া উমান পাই কাঠফলা কলৰ কৰ্মচাৰীসহ মালিকে স্থান ত্যাগ কৰে।

অভিযানকাৰী দলটোৱে অবৈধ কাঠফলা কলৰ সৈতে জড়িত কোনো ব্যক্তিকেই আটক কৰিবলৈ সক্ষম নোহোৱাটোৱে এই কথাকেই প্ৰতিপন্ন কৰে যে জিলাখনৰ এচাম দুৰ্নীতিপৰায়ণ বনকৰ্মী আৰু আৰক্ষীৰ লোকৰ সৈতে মিতিৰালি পাতি এনেধৰণৰ অবৈধ কাঠফলা কলেৰে কাঠ ফালি ৰমৰমীয়া বেহা নিৰ্বিঘ্নে চলাই আহিছে।

উল্লেখ্য যে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলাখনলৈ কৰা শেহতীয়া ভ্ৰমণকালত তেওঁ অবৈধ কাম-কাজ চলি থকাৰ সন্দেহবশতঃ নিজেই বালিপোতাত থকা এখন পঞ্জীয়নভুক্ত কাঠৰ দোকানত তালাচী চলাইছিল আৰু বন বিষয়াসকলক এটা তদন্ত কৰাৰ নিৰ্দেশ দিছিল। মন্ত্ৰীগৰাকীয়ে বনধ্বংসকাৰী যিকোনো অবৈধ কাৰ্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ বাবে বন বিভাগক নিৰ্দেশ দিছিল।