সাৱধান! ৫৩কোটি ফেচবুক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য হেকাৰৰ হাতত

facebook data leak

প্ৰতিনিধিত্বমূলক ফটো।

ভাৰতকে ধৰি ১০৬খন দেশৰ ৫৩কোটি ৩০ লাখ ফেচবুক ব্যৱহাৰকাৰীৰ ফোন নম্বৰকে ধৰি ব্যক্তিগত তথ্য অনলাইনত ফাদিল হৈ পৰিছে। এই তথ্য প্ৰকাশ কৰি এটা নিম্ন পৰ্যায়ৰ হেকিং প্লেটফৰ্মে প্ৰযুক্তি বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে।

তথ্য ফাদিল হোৱাৰ তালিকাত ভাৰতৰ ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা আছে ৬০লাখ। ১০৬খন দেশৰ ভিতৰত আটাইতকৈ বেছি তথ্য ফাদিল হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱহাৰকাৰীৰ।

আমেৰিকাৰ ৩ কোটি ২০ লাখ ব্যৱহাৰকাৰীৰ তথ্য প্ৰকাশ পাইছে। ব্ৰিটেইনৰ ১ কোটি ১০লাখ আৰু বাংলাদেশৰ ৩৮ লাখ ব্যৱহাৰকাৰীৰ গোপনীয় তথ্য ফাদিল হৈছে।

বাতৰি অনুসৰি, এজনে বিনামূলীয়াকৈ ফেচবুক ব্যৱহাৰকাৰীৰ এই তথ্যসমূহ অনলাইনত বিক্ৰী কৰা বুলি কোৱা হৈছে।

এই তথ্যসমূহৰ ভিতৰত আছে ফেচবুক ব্যৱহাৰকাৰীৰ ফোন নম্বৰ, ফেচবুক আই ডি, সম্পূৰ্ণ নাম, ঠিকনা, জন্মৰ তাৰিখ, প্ৰফাইল তথা কিছুমান ই-মেইল।

ফেচবুকৰ ফালৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ইজৰাইলৰ চাইবাৰ ক্ৰাইম ইন্টিলিজেন্স হাডছন ৰকৰ সহ প্ৰতিষ্ঠাপক এলন গলে শনিবাৰে প্ৰথমতে এই তথ্য ফাদিলৰ কথা ৰাজহুৱা কৰিছিল।

টুইটাৰ যোগে তেওঁ জনায় যে চাইবাৰ অপৰাধীসকলৰ বাবে এই তথ্যসমূহ গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে।

এই তথ্যসমূহ ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীসকলৰ বহু গোপনীয় কথা জানি লৈ তেওঁলোকক বিপদত পেলাব পাৰে বা ইয়াৰ জৰিয়তে কোনো কেলেংকাৰীৰ সুযোগ ল’ব পাৰে।