NORTHEAST NOW (Assamese)

ঘোষণা হল বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ তাৰিখ

March 23, 2022 2:39 pm · দীপক কুমাৰ পাঠক, বাক্সা

ঘোষণা হল বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ তাৰিখ ।

মহামাৰী ক’ভিডৰ বাবে পূৰ্ব নিৰ্ধাৰিত তাৰিখত বড়ো সাহিত্য সভা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে আগন্তুক এপ্ৰিল মাহৰ ২৭, ২৮ আৰু ২৯ তাৰিখত অনুষ্ঠিত হব বড়ো সাহিত্য সভা।

২৯ এপ্ৰিলত তামুলপুৰলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ।

৬১ সংখ্যক বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিবেশনৰ মুকলি সভাত অংশ লব ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে।

আজি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োই বড়ো সাহিত্য সভাৰ স্থান পৰিদৰ্শন কৰে।

প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন।

Related News