পিতৃ প্ৰেম: পিতৃ লালুৰ জীৱন ৰক্ষাৰ বাবে বৃক্ক দান কৰিবলৈ সাজু কন্যা ৰোহিনী, চিকিৎসাৰ বাবে শীঘ্ৰেই ছিংগাপুৰলৈ লালু

Lalu Prasad Yadav

ভাৰতীয় ৰাজনীতিৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ বিগত কেইবা বছৰ ধৰি বৃক্কৰ ৰোগকে ধৰি অন্যান্য ৰোগত আক্ৰান্ত হৈ আছে। কিছুদিন পূৰ্বে সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱাৰ পিছত মৃত্যুমুখৰ পৰা বাচি অহা লালুৰ জীৱন ৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আগবাঢ়ি আহিছে তেওঁৰ ছিংগাপুৰস্থিত কন্যা ৰোহিনী আচাৰ্য।

লালু প্ৰসাদ যাদৱৰ দ্বিতীয় কন্যা ৰোহিনীয়ে তেওঁৰ এটা বৃক্ক পিতৃক দান কৰি বয়োজেষ্ঠ নেতাগৰাকীক এক নতুন জীৱন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰকাশিত বাতৰি অনুসৰি, অক্টোবৰত ছিংগাপুৰ ভ্ৰমণৰ সময়ত ছিংগাপুৰৰ চিকিৎসকসকলে লালু প্ৰসাদ যাদৱক বৃক্ক সংৰোপণ কৰিবলৈ পৰামৰ্শ দিছিল।

চিকিৎসকৰ এই পৰামৰ্শৰ পিছত ৰোহিনীয়ে তেওঁৰ এটা বৃক্ক পিতৃ লালুক দান কৰাৰ প্ৰস্তাৱ দিছে। জানিব পৰা গৈছে যে লালু প্ৰসাদে প্ৰথমতে ৰোহিনীয়ে বৃক্ক দান কৰাৰ পক্ষপাতী নাছিল যদিও ৰোহিনীৰ হেঁচাৰ পিছত এই সিদ্ধান্তক সন্মতি জনাবলৈ বাধ্য হয়।

সূত্ৰ অনুসৰি লালুৱে অহা ২০-২৪ নৱেম্বৰৰ ভিতৰত পুনৰ ছিংগাপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে আৰু ছিংগাপুৰতে তেওঁ বৃক্ক সংৰোপণৰ বাবে অস্ত্ৰোপচাৰ কৰাৰ সম্ভাৱনা আছে। বৃক্কৰ সমস্যাৰ বাবে যোৱা কেইবা বছৰ ধৰি দিল্লী এইমছত চিকিৎসা চলাই থকা লালুক এইমছৰ চিকিৎসকসকলে বৃক্ক সংৰোপণৰ পৰামৰ্শ দিয়া নাছিল।

কিন্তু ছিংগাপুৰ ভ্ৰমণৰ সময়ত দেশখনৰ চিকিৎসকসকলে তেওঁক বৃক্ক সংৰোপণৰ বাবে পৰামৰ্শ দিছিল আৰু ইয়াৰ পিছতে তেওঁৰ কন্যা ৰোহিনীয়ে চিকিৎসাৰ বাবে লালুক পুনৰ ছিংগাপুৰলৈ নিয়াৰ বাবে আগভাগ লৈছে।