পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Andhra_murder_25012021

এক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে ।

যিটো সময়ত বিজ্ঞানৰ উন্নতিৰ হাত ধৰি মানুহ দোপতদোপে আগুৱাই গৈছে সেই সময়তে সমাজৰ একাংশ শিক্ষিত লোক এতিয়াও অন্ধবিশ্বাসৰ মাজত বুৰ গৈ আছে।

শেহতীয়াকৈ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই এহাল শিক্ষক দম্পতিয়ে তেওঁলোকৰ দুই উচ্চ শিক্ষিতা কন্যাক বলি দিয়াৰ ঘটনা পোহৰলৈ আহিছে।

গাৰ নোম শিঁয়ৰি উঠা এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ শিৱনগৰ মাদানাপাল্লা নামৰ অঞ্চলটোত।

উক্ত অঞ্চলৰ বাসিন্দা পদ্মজা নাইডু আৰিু পুৰোষত্তম নাইডুৱে তেওঁলোকৰ দুই কন্যা ক্ৰমে ২৭ বছৰীয়া আলেখ্যা আৰু ২২ বছৰীয়া দিব্যাক ঈশ্বৰক সন্তুষ্ট কৰাৰ বাবেই হত্যা কৰাৰ কথাই সকলোকে স্তম্ভিত কৰি তুলিছে।

যুৱতী দুগৰাকীৰ মাতৃ পদ্মজা নাইডু স্থানীয় কন্যা মহাবিদ্যালয় এখনৰ অধ্যক্ষা। আনহাতে ডাঙৰ জীয়ৰী আলেখ্যাই ভূপালৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে সৰু জীয়ৰী দিব্যা বিবিএ পৰীক্ষা দিছিল।

লকডাউনৰ সময়ৰে পৰাই দুই কন্যাই ঘৰতে আছিল।

নাইডু পৰিয়ালৰ চুবুৰীয়াই  নাইডুৰ ঘৰৰ পৰা কেতবোৰ অদ্ভুত শব্দ ভাঁহি অহা শুনিবলৈ পাই কিবা সন্দেহ কৰিবলৈ ধৰিছিল আৰু সেই বিষয়ে আৰক্ষীক অৱগত কৰিছিল।

আৰক্ষীয়ে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নাইডুৰ ঘৰত অভিয়ান চলাবলৈ যায় যদিও নাইডু দম্পতিয়ে আৰক্ষীক ঘৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিয়ে। আৰক্ষীয়ে বলপূৰ্বক ঘৰত প্ৰৱেশ কৰি আচৰিত হৈ পৰে।

আৰক্ষীয়ে দেখে যে পূজা কৰা ঘৰৰ কাষতে মৃত অস্থাত পৰি ৰৈছে দুই কন্যাৰ দেহ।এটা মৃতদেহ ৰঙা কাপোৰেৰে ঢকা অৱস্থাত আছিল।

আৰক্ষীয়ে লগে লগে নাইডু দম্পতিক আটক কৰি জেৰা আৰম্ভ কৰে।

আৰক্ষীৰ জেৰাত নাইডু দম্পতিয়ে প্ৰকাশ কৰে যে ভগৱানক সন্তুষ্ট কৰাৰ বাবেই তেওঁলোকে নিজৰ দুই কন্যাক মূৰত আঘাত কৰি হত্যা কৰিছে।

ভগৱানে তেওঁলোকক কৈছিল যে মৃত্যুৰ পিছদিনাই দুই  কন্যাই পুনৰ জনম লাভ কৰিব আৰু তেওঁলোকৰ জীৱন অতি সুখৰ হ’ব।

তেওঁলোকৰ বলিদানে ভগৱানক সন্তুষ্ট কৰিব বুলিও ভগৱানে কোৱা বুলি নাইডু দম্পতিয়ে আৰক্ষীক কৈছিল।

এটা শিক্ষিত পৰিয়ালত খোপনি পোতা এনে অন্ধবিশ্বাসে এতিয়া সকলোকে ভবাই তুলিছে।