টি-২০ ক্ৰিকেটত নতুন ৰেকৰ্ড ডেভিদ ৱাৰ্ণাৰৰ: অতিক্ৰম কৰিলে ক্ৰিছ গেইলক

David Warner create world record in T20 cricket

অষ্টেলিয়াৰ মাৰমুখী অপেনিং বেটাৰ তথা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফ্ৰেঞ্চাইজী দিল্লী কেপিটেলছৰ সদস্য ডেভিদ ৱাৰ্ণাৰে বৃহস্পতিবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে দুৰ্দান্ত অৰ্ধশতকীয় ইনিংছেৰে টি-২০ ক্ৰিকেটত এক ঈৰ্ষণীয় অভিলেখ স্থাপন কৰিছে।

খেলখনত ৫৮ বলত ৯২ ৰানৰ এক চমকপ্ৰদ ইনিংছ খেলা ৱাৰ্ণাৰৰ টি-২০ ক্ৰিকেটত এইয়া আছিল ৮৯ সংখ্যক অৰ্ধশতকীয় ইনিংছ। এইদৰে ৱাৰ্ণাৰে টি-২০ ক্ৰিকেটত সৰ্বাধিক অৰ্ধশতকীয় ইনিংছৰ ৰেকৰ্ড স্থাপন কৰে।

এই ক্ষেত্ৰত ৱাৰ্ণাৰে অতিক্ৰম কৰে ৱেষ্ট ইণ্ডিজৰ আক্ৰমণাত্মক অপেনাৰ ক্ৰিছ গেইলক। গেইলৰ নামত টি-২০ ক্ৰিকেটত আছে ৮৮ টা অৰ্ধশতক।

এই তালিকাত ৭৭ টা অৰ্ধশতকেৰে তৃতীয় স্থানত আছে ভাৰতীয় তাৰকা বিৰাট কোহলী। আনহাতে চতুৰ্থ স্থানত থকা এৰন ফিঞ্চৰ নামত আছে ৭০ টা অৰ্ধশতক।

বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা ৬৯ টা অৰ্ধশতকীয় ইনিংছেৰে তালিকাৰ পঞ্চম স্থানত আছে।

উল্লেখ্য যে বৃহস্পতিবাৰৰ খেলখনত ৱাৰ্ণাৰৰ ৯২ ৰাণ আৰু ৰ’ভমেন পাৱেলৰ ৬৭ ৰানৰ সহায়ত দিল্লী কেপিটেলছে ছানৰাইজাৰ্ছ হাইদৰাবাদক ২১ ৰানত পৰাস্ত কৰে।