ডাউড ইব্ৰাহিমৰ ঘনিষ্ঠ ইকবাল মিৰ্চিৰ ২২.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে ইডি-এ

index

ভাৰতীয় নিৰাপত্তা সংস্থাৰ মূৰৰ কামোৰণি কুখ্যাত ডন ডাউড ইব্ৰাহিমৰ এজন অতি ঘনিষ্ঠৰ ২২.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে এনফৰ্ছমেন্ট ডাইয়েক্টৰৰ বিষয়াই।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি ভাৰতীয় তদন্তকাৰী আৰু চোৰাংচোৱা সংস্থাসমূহে ডাউড ইব্ৰাহিমৰ লগতে তেওঁৰ সতীৰ্থসকলৰ সন্ধান উলিয়াবলৈ অহোপুৰুষাৰ্থ কৰিলে আহিলেও ডাউডক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

অৱশ্যে ইয়াৰ মাজতে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে ডাউডৰ অতি ঘনিষ্ঠ চোটা ৰাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চোটা ৰাজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বিশ্বৰ বিভিন্ন ঠাইত থকা ডাউডৰ সাম্ৰাজ্যত ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে জাল পেলাবলৈ আৰম্ভ কৰে।

এই অভিযানৰ ফলস্বৰূপে কুখ্যাত ডন ডাউডৰ একালৰ ঘনিষ্ঠ সহযোগী প্ৰয়াত ইকবাল মিৰ্চিৰ ২২.৪২ কোটি টকাৰ সম্পত্তি ইডি-এ বাজেয়াপ্ত কৰিছে।

ইডি-ৰ সূত্ৰৰ খবৰ মতে সোমবাৰে মাহাৰাষ্ট্ৰৰ বিভিন্ন স্থানত ইডি-এ তালাচী চলায় ডাউডৰ সহযোগী প্ৰয়াত ইকবাল মিৰ্চি আৰু তেওঁৰ পত্নীৰ ৭ টা বেংক একাউন্ট আৰু ২২.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে।

বাজেয়াপ্ত কৰা সম্পত্তিৰ ভিতৰত মুম্বাইৰ এখন হোটেল, দুটা আট্টালিকা আৰু পঞ্চগণি অঞ্চলত থকা চাৰেতিনি একৰ মাটিও আছে।

ইডি-এ ইকবাল মিৰ্চিৰ এই সমগ্ৰ সম্পত্তিসমূহ প্ৰিভেশ্যন অৱ মাণি লণ্ডাৰিং এক্ট, ২০০২ৰ ৫ নং ধাৰাৰ অধীনত বাজেয়াপ্ত কৰিছে বুলি জানিব পৰা গৈছে।

২০১৯ চনৰ এটা গোচৰৰ তদন্ত আৰম্ভ কৰি ইডি-এ দাবী কৰিছিল যে অপৰাধ জগতৰ পৰা আহৰণ কৰা ধনেৰে ইকবাল মিৰ্চিয়ে মুম্বাইত ৰিয়েল ষ্টেটৰ ব্যৱসায় আৰম্ভ কৰে।

আনকি ইকবালে অপৰাধ জগতৰ পৰা আহৰণ কৰা ধনেৰে কেবাটাও কোম্পানী প্ৰতিষ্ঠা কৰি অন্যান্য ব্যৱসায়ো আৰম্ভ কৰে। আনহাতে আৰ্থিক কেলেংকাৰিত লিপ্ত থকা এটা প্ৰতিষ্ঠান ডিএইচএফএলৰ দুই কৰ্ণধাৰ কপিল আৰু ধীৰাজ উৱাধানেও ইকবালক এই কামত সহযোগ কৰাৰ তথ্য লাভ কৰিছে ইডি-এ।

উল্লেখ্য যে যোৱা এবছৰত ইডি-এ ইকবালৰ ডুবাইৰ ১৪ টা ব্যৱসায়িক আট্টালিকা আৰু এখন হোটেলসহ প্ৰায় ৮০০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে।