NORTHEAST NOW (Assamese)

নামনি মাজুলীৰ লোহিতপৰীয়া কনিষ্ঠ মহাবিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান

December 17, 2018 9:50 pm · মিটু খাটনিয়াৰ

শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাজ্যিক পৰিষদৰ অধীনস্থ ডিএল এডৰ (D.El.Ed) দুবছৰীয়া পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ কৰ্মশালাৰ সামৰণি উপলক্ষে নামনি মাজুলী লোহিতপৰীয়া কনিষ্ঠ মহাবিদ্যালয়ত দিন যোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সামৰণি অনুষ্ঠান হয়।

পাঠ্যক্ৰম প্ৰক্ৰিয়াত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ দক্ষতা বৃদ্ধিৰ লগতে শৈক্ষিক,  বৌদ্ধিক,  মানসিক দিশত শিক্ষক শিক্ষয়িত্ৰীসকলৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা হয়।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত দিচাং দল, গংগা দল, জয়মতী, কাবেৰী, মণিকাঞ্চন, জ্যোতিপ্ৰসাদ, ব্ৰহ্মপুত্ৰ আদি দলে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে।অনুষ্ঠানটো পৰিচালনা কৰে শিক্ষক বসন্ত কুমাৰ শইকীয়াই।

Related News