DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ আহ্বান জনোৱা নাই কাৰ্বি ছাত্ৰ সন্থাই

কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নগৰ সমিতিৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা

নংগি তেৰাং by নংগি তেৰাং
December 17, 2018 9:20 pm
KSA press conference
469
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক থমছন ৰংপীয়ে আজি ১৭ ডিচেম্বৰ সোমবাৰে কৈছে যে তেওঁলোকে আহ্বান জনোৱা ৩৬ ঘণ্টীয়া বন্ধৰ পাছত পুনৰ এটা অনিৰ্দিষ্টকালীন বন্ধৰ আহ্বান জনোৱা হোৱা নাই। ৰংপীয়ে কৈছে, ‘‘আমি যোৱা দেওবাৰৰ পুৱা ৫-০০ বজাৰ পৰা সোমবাৰে আবেলি ৫-০০ বজালৈকে আমাৰ সভাপতি ছিমিয়ন ৰংফাৰৰ মুক্তিৰ দাবীত ৩৬ ঘণ্টীয়া বন্ধৰ আহ্বান জনোৱাৰ পাছত কোনো বন্ধৰ আহ্বান জনোৱা নাই। এই বন্ধৰ আহ্বান এটা উৰা বাতৰিহে। এতিয়া বৰদিন আৰু পৰীক্ষাৰ সময় হোৱা হেতুকে ১৬টা সংগঠনে কোনো বন্ধ দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰংফাৰক গ্ৰেপ্তাৰ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙক সমালোচনা কৰি কেএছএই তেওঁক চিইএম হোৱাৰ বাবে অনুপযুক্ত বুলি কয়। তেওঁ কয় যে ৰংফাৰৰ গ্ৰেপ্তাৰৰ সৈতে তুলিৰাম ৰংহাং প্ৰত্যক্ষভাৱে জড়িত নহয় যদিও তেওঁ তেওঁৰ ভয়েকক ৰংফাৰৰ বিপক্ষে গোচৰ ৰুজু কৰাৰ বাবে আদেশ দিছিল। ৰংপীয়ে কয় যে তেওঁলোকৰ সভাপতিগৰাকীক গ্ৰেপ্তাৰ কৰিলেই আন্দোলন থমকি নৰয়।

উল্লেখ্য যে ৩৬ ঘণ্টীয়া বন্ধৰ শেষৰ ফালে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাছিল। জনসাধাৰণ, বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে এটা দীঘলীয়া বন্ধৰ দিন উপভোগ কৰিছিল। চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা আছিল। ৰাজহুৱা পৰিবহণ নাছিল যদিও ৰাষ্টাত যান-বাহন যথেষ্ট পৰিলক্ষিত হৈছিল।

কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নগৰ সমিতিৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা

কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নগৰ সমিতি পৰিক্ৰমাৰ উপ সচিব মাইকেল তিমুঙে আজি ১৭ ডিচেম্বৰ সোমবাৰে আবেলি ৬-০০ বজাত এখন সংবাদমেলত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত নগৰ সমিতিৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে।

এই অনুসৰি, ২০১৯ৰ জানুৱাৰিৰ ৮ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ’ব। মনোনয়নপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২৮ ডিচেম্বৰ ২০১৮। ২৯ ডিচেম্বৰত মনোনয়নুপত্ৰ পুনৰীক্ষণ কৰা হ’ব।মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৩১ ডিচেম্বৰ। পুনৰ ভোটগ্ৰহণ হ’লে সেয়া ৯ জানুৱাৰিত গ্ৰহণ কৰা হ’ব আৰু ফলাফল ঘোষণা কৰা হ’ব ২০১৯ৰ ১০ জানুৱাৰিত।

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া নগৰ সমিতিকেইখন হৈছে ডিফু, বোকাজান, বকলীয়া, লাংহিন, ডোকমোকা, হাওৰাঘাট, ডংকামুকাম, হামৰেন আৰু বৈঠালাংছ’।

ইয়াৰ পূৰ্বে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ৭খন নগৰ সমিতি আছিল। যোৱা বছৰ লাংহিন আৰু বৈঠালাংছক সংযোগ কৰি ৯খন কৰা হয়।

ইতিমধ্যে সাম্ভাব্য প্ৰাৰ্থীসকলে কাৰ্বি আংলং জিলাৰ বহু প্ৰত্যাশিত নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে যোৱা ৩ মাহৰ পৰাই শাসনাধিষ্ঠ বিজেপিৰ জিলাৰ দলীয় সভাপতিৰ ঘনিষ্ঠ হ’বলৈ চেষ্টা কৰি আছে। এই নিৰ্বাচনে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং আৰু বিজেপি দলৰ জনপ্ৰিয়তাৰ এটা পৰীক্ষা সম্পন্ন কৰিব। লোকসভা নিৰ্বাচন সমাগত হেতুকে নগৰ সমিতিৰ নিৰ্বাচন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd