NORTHEAST NOW (Assamese)

নিযুক্তি : উপায়ুক্তৰ কাৰ্যালয়ত ‘জাৰিকাৰক’ পদ মুকলি; ৩০ শতাংশ মহিলাৰ বাবে সংৰক্ষণ

August 3, 2019 12:01 pm · এন ই নাও নিউজ

উপায়ুক্তৰ কাৰ্যালয় লখিমপুৰত মুকলি হোৱা ‘জাৰিকাৰক’ পদৰ নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

এই মুকলি হোৱা জাৰিকাৰক পদৰ সংখ্যা হ’ল ৫ টা। আৰু মুকলি হোৱা পদৰ ৩০ শতাংশ মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব।

জাৰিকাৰক পদত আবেদন কৰিবৰ বাবে অষ্টমমান শ্ৰেণী উত্তীৰ্ণ হ’লেই হ’ল। প্ৰাৰ্থীসকলৰ বয়স ১৮ বছৰৰ পৰা ২০১৯ চনৰ ১ জানুৱাৰীলৈকে ৪৩ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে SC আৰু ST ৰ বাবে ৫ বছৰ ৰেহাই আছে।

আবেদন গ্ৰহণ কৰা প্ৰাৰ্থীসকল মুঠ ১০০ নম্বৰৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। বাচনি কেৱল যোগ্যতাৰ ভিত্তিত কৰা হ’ব।

পৰীক্ষাৰ সময় আৰু তাৰিখ কল লেটাৰত উল্লেখ কৰাৰ লগতে জিলাৰ ৱেবচাইটত পোৱা যাব। কল লেটাৰ প্ৰাৰ্থীসকলে নিজে জিলা বেৱচাইটৰ পৰাও ডাউনলোড কৰিব পাৰিব http://lakhimpur.nic.in

মুকলি হোৱা জাৰিকাৰক পদৰ বাবে আবেদন দিয়াৰ অন্তিম তাৰিখ হ’ল ২১ আগষ্ট।

Related News