২ ৰ পৰা ১৮ বছৰ বয়সৰ তলৰ সকলকো দিয়া হব নেকি ভেকচিন? ঔষধ নিয়ন্ত্ৰকে ল’লে এই সিদ্ধান্ত

voca

দেশত এতিয়া ৪৫ বছৰৰ ওপৰৰ বয়সৰ লোকসকলৰ লগতে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক কোভিডৰ ভেকচিন প্ৰদানৰ কাম চলি আছে।

এনে সময়তে বহুতৰে মনত প্ৰশ্ন জাগিছে যে শিশুসকলেও এই ভেকচিন গ্ৰহণ কৰিব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰ হয়তো দেশবাসীয়ে শীঘ্ৰে লাভ কৰিবলৈ সক্ষম হ’ব।

কিয়নো ২ৰ পৰা ১৮ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত ভাৰততে প্ৰস্তুত কৰা কোভিডৰ ভেকচিন কোভাক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকে।

আজি ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকে এই অনুমতি প্ৰদান কৰে।ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভাক্সিন ভেকচিন ২ৰ পৰা ১৮ বছৰৰ তলৰ লোকসকলক প্ৰদানৰ বিষয়ত বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ কৰি আজি ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকে সেই বয়সৰ লোকসকলৰ ক্ষেত্ৰত কোভাক্সিন ভেকচিনৰ পৰীক্ষণ চলাবলৈ অনুমতি দিয়ে।

প্ৰথমাৱস্থাত ৫২৫ গৰাকী ২ৰ পৰা ১৮ বছৰৰ তলৰ স্বাস্থ্যৱান লোকৰ ওপৰত এই পৰীক্ষণ চলোৱা হ’ব বুলি জানিব পৰা গৈছে।

পৰীক্ষণৰ সময়ত পেশীত কোভাক্সিন ভেকচিন প্ৰদান কৰা হ’ব আৰু প্ৰথম ভেকচিন প্ৰদানৰ ২৮ দিনৰ পিছত দ্বিতীয়টো ভেকচিন দিয়া হ’ব।

কিছুদিন পূৰ্বে ভাৰতত ১২ বছৰৰ ওপৰৰ লোকসকলক কোভিডৰ ভেকচিন প্ৰদান কৰা হ’ব বুলি উৰা বাতৰি ওলাইছিল। কোভাক্সিনৰ শেহতীয়া পৰীক্ষণ সফল হ’লেহে তেনে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য আমেৰিকাত জৰুৰীকালীন পৰিস্থিতিত ১২ বছৰৰ পৰা ১৫ বছৰ বয়সৰ লোকসকলক কোভিডৰ ভেকচিন প্ৰদানৰ অনুমতি দিয়া হৈছে।

একেদৰে কানাডাতো ১২ বছৰ বয়সৰ পৰা ফাইজাৰৰ ভেকচিন প্ৰদানৰ অনুমতি দিয়া হৈছে। ভাৰতত এতিয়াও ২ৰ পৰা ১৮ বছৰৰ তলৰ সকলক ভেকচিন প্ৰদানৰ অনুমতি দিয়া হোৱা নাই।