উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মুকলি হ’ব ডি ডি অৰুণ প্ৰভা

ডি ডি অৰুণ প্ৰভা। ফটো সৌজন্য-টুইটাৰ

উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে এক সুখবৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অধ্যক্ষতা কৰা বিত্তীয় পৰিক্ৰমা সংসদীয় সমিতিয়ে বুধবাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ডি ডি অৰুণ প্ৰভা চেনেল মুকলি কৰাৰ বাবে সন্মতি প্ৰদান কৰিছে।নতুনকৈ মুকলি হ’বলগীয়া চেনেলটোৰ মুখ্য কাৰ্য্যলয় হ’ব অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত।

নতুন চেনেলটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আকাংক্ষাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মুকলি হবলগীয়া দুৰদৰ্শনৰ নতুন ২৪x৭ চেটেলাইট চেনেলটো ফেব্ৰুৱাৰি মাহৰ ১৫ তাৰিখে শুভৰাম্ভণি হোৱাৰ কথা। ডিডি অৰুণ প্ৰভাত উত্তৰ-পূৰ্বাঞ্চলৰ বিশাল সাংস্কৃতিক বৈচিত্ৰতাৰ ওপৰত আধাৰিত অনুষ্ঠান সমূহৰ সম্প্ৰচাৰ কৰা হ’ব। উত্তৰ-পূৰ্বাঞ্চলত এইটো দুৰদৰ্শনৰ দ্বিতীয়টো চেনেল।

সাৰ্বজনিক সেৱা সম্প্ৰচাৰ মাধ্যমটোৱে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলত ডিডি নৰ্থ-ইষ্টৰ জৰিয়তে সেৱা আগবঢ়াই আছে। ডিডি নৰ্থ-ইষ্টে ইংৰাজী, হিন্দী, অসমীয়া, বাংলা আৰু অন্যান্য ভাষাত বিনোদন আৰু তথ্য সমৃদ্ধ অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে। ভাৰত সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ দুৰদৰ্শন কেন্দ্ৰ ১৯৫৯ চনৰ ১৫ চেপ্টেম্বৰত স্থাপন হৈছিল।